নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত সাংবাদিক তথা শিক্ষক...

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত সাংবাদিক তথা শিক্ষক...
Published on
Updated on

ডিজিটেল সংবাদ, কচুৱা: নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় দুজনক গ্ৰেপ্তাৰ কৰিছে। নগাঁৱৰ কচুৱাৰ ১নং ফাকলিৰ পৰা ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম দুলাল হুছেইন আৰু আব্দুল মালেক বুলি জানিব পৰা গৈছে। কচুৱা থানৰ অ'চি অচুত্য কৃষ্ণ ফুকনৰ নেতৃত্বত অভিযান চলাই ১নং ফাকলিৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ২০টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে এইবাৰ ড্ৰাগছ সৰবৰাহত নাম সাঙোৰ খাইছে নগাঁওৰ এজন নিউজ পৰ্টেলৰ সাংবাদিকৰ। ধৃত দুলাল হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো পেছাত এজন শিক্ষক লগতে প'ৰ্টেল সাংবাদিক। দুখনকৈ পৰিচয় পত্ৰ সহ গ্ৰেপ্তাৰ কৰিছে কচুৱা আৰক্ষীয়ে ।

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰী ৰূপত সাংবাদিক তথা শিক্ষক...
প্রজ্ঞা, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত দলীয় নৃত্য প্রতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in