বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহতঃ এজনৰ অৱস্থা সংকটজনক...

বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহতঃ এজনৰ অৱস্থা সংকটজনক...
বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহতঃ এজনৰ অৱস্থা সংকটজনক...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বানপানীৰ বিভীষিকাৰ মাজতে নগাওঁ জিলাৰ জুৰীয়াৰ জেঙনিত বাঘৰ আতংক। বুধবাৰে জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জেঙনিত পুৱাই বাঘৰ আক্ৰমণৰ সন্মুখীন হয় দুজন লোক।

ইয়াৰ পিছতে আহত দুয়োকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তাৰোপৰি দুয়োৰে অৱস্থা সংকটজনক হোৱাত আই চি ইউলৈ স্থানান্তৰ কৰা হৈছে।

বাঘৰ আক্ৰমণত আহত হোৱা লোক দুজন ক্ৰমে জেঙনি গাঁৱৰ আব্দুল আজিত (৫৫) আৰু দক্ষিণ কলাডুবা গাঁৱৰ আক্তাৰ আলী(২৬) । ইয়াৰে আক্তাৰ আলীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে আজি পুৱা এই দুয়োজন লোকে পথাৰলৈ যোৱাৰ সময়তে বাঘৰ আক্ৰমণৰ সন্মুখীন হয়। সন্দেহ কৰা মতে বানপানীৰ ফলত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰিছে আক্ৰমণকাৰী নাহৰফুটুকীটোৱে। স্থানীয় অঞ্চলবাসীৰ সন্দেহ কেৱল এটাই নহয়, অঞ্চলটোত কেইবাটাও বাঘে আহি আশ্ৰয় লৈছে।

বানপানীৰ মাজতে বাঘৰ আক্ৰমণত দুজন আহতঃ এজনৰ অৱস্থা সংকটজনক...
কোন এই সুন্দৰী? নিশাৰ গুৱাহাটীৰ ৰাজপথত ইমান উগ্ৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in