কচুৱা নিষিদ্ধ দ্ৰব্যৰ সৈতে দুই সৰবৰাহকাৰী আটক...

কচুৱা আৰক্ষীয়ে নিশা চলাইছিল অভিযান
কচুৱা নিষিদ্ধ দ্ৰব্যৰ সৈতে দুই সৰবৰাহকাৰী আটক...
কচুৱা নিষিদ্ধ দ্ৰব্যৰ সৈতে দুই সৰবৰাহকাৰী আটক...
Published on
Updated on

ডিজিটেল ডেস্কঃ কচুৱা আৰক্ষীয়ে নিশা চলোৱা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে শনিবাৰে নিশা কচুৱা আৰক্ষীয়ে কচুৱাত এক অভিযান চলাই ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা দুজন যুৱকক আটক কৰিছে।

ধৃত দুই ড্ৰাগছ সৰবৰাহী ক্ৰমে গেৰজাইপামৰ মোবাৰক আলী আৰু ১ নং কচুৱাৰ ৰঞ্জু আহমেদ। আৰক্ষীয়ে দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১২ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে।

এই কণ্টেইনাৰ কেইটাৰ পৰা উদ্ধাৰ হোৱা মুঠ ড্ৰাগছৰ পৰিমাণ ১৬.৭১ গ্ৰাম। আৰক্ষীয়ে অধিক তদন্তৰ বাবে দুয়োকে সোধপোছ অব্যাহত ৰাখিছে।

কচুৱা নিষিদ্ধ দ্ৰব্যৰ সৈতে দুই সৰবৰাহকাৰী আটক...
আজিৰে পৰা মহাপ্ৰভু জগন্নাথৰ ৰথযাত্ৰাঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে টানিব ৰথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in