ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ অন্তৰ্গত উৰিয়াগাঁওস্থিত ইণ্ডিয়ান অইল কৰ্পৰেচন লিঃ পেট্ৰল পাম্পৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰিছে অঞ্চলবাসীক। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ভূমি লিজত লৈ খোলা এই পেট্ৰল পাম্পটোৰ পৰা শেহতীয়াকৈ কৰ্মকাণ্ডই হতচকিত কৰি তুলিছে ৰাইজক।
সোমবাৰে সন্ধিয়া এগৰাকী লোকে বাহনত তেল ভৰোৱাৰ সময়ত ডিপোটোৰ কৰ্মচাৰীয়ে ২০০০ টকাৰ ঠাইত ২০০ টকাৰ তেল দিয়াৰ অভিযোগ উত্থাপতিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি পাছত পৰিস্থিতি উত্তপ্ত হোৱাত তেল ডিপোৰ কৰ্তৃপক্ষই কৰ্মচাৰীজনক উত্তম-মাধ্যম শোধাই ডিপোটোৰ পৰা খেদি পঠিয়াই দিয়া বুলিও জানিব পৰা গৈছে।
তাৰোপৰি এই তেল ডিপোটোৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে পূৰ্বেও থকা অভিযোগ উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত উল্লেখ কৰে যে-
জাতীয়তাবাদী সম্ভাষণ গ্রহণ কৰিব। আপোনাৰ জ্ঞাতার্থে জনাওঁ যে নগাঁও জিলাৰ উৰিয়াগাঁওস্থিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চ'কৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা (NHAI) ভূমি লিজত লৈ খোলা ইন্ডিয়ান অইল কৰ্পৰেচন লিঃ পেট্র'ল পাম্পটোৰ কৰ্মকাণ্ডই সচেতন ৰাইজক হতচকিত কৰি তুলিছে।
কালি সন্ধ্যা এগৰাকী লোকে বাহনত তেল ভৰোৱা সময়ত কৰ্মচাৰীয়ে ২০০০ টকাৰ ঠাইত ২০০ টকাৰ পেট্ৰ'ল দিয়াৰ অভিযোগ উঠিছে। যিটো বিষয়ত পাছত পৰিস্থিতি উত্তপ্ত হোৱাত তেলডিপোৰ কর্তৃপক্ষই কৰ্মচাৰীজনক উত্তম মাধ্যম সোধাই তেলডিপোৰ পৰা খেদাই দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰিছে।
তাৰোপৰি তেল ডিপোটোৰ কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ডৰ ফলশ্রুতিত কাষৰীয়া বাসিন্দাসকলে যমৰ যাতনা ভুগিবলগা হৈছে। সম্পূর্ণ অবৈজ্ঞানিকসন্মত কাৰিকৰী অভিযন্ত্ৰণৰ কাৰণে নলাসমূহ বন্ধ হৈ তেলডিপোৰ লেতেৰা আৱৰ্জনা, পানী, বিভিন্ন তৈলজাত সামগ্ৰীয়ে কাষৰ প্রায় অর্ধশতাধিক পৰিয়ালৰ জীৱন-যাপনত ব্যাঘাত জন্মাইছে।
তেল ডিপোৰ চৌহদৰ পানী পৰিকল্পিত নলাৰ অভাৱত জনবসতিপূর্ণ এলেকাটোলৈ বোৱাই দিছে। যাৰ বাবে লেতেৰা পানীৰ মাজতেই পৰিয়ালসমূহ থাকিবলগা হৈছে।
উল্লেখ্য যে উক্ত তেল ডিপোটোত নিশা হ'লেই প্রায় বিভিন্ন ধৰণৰ অসামাজিক কার্যকলাপ সংঘটিত হৈ আহিছে। উক্ত তেলডিপোত নিশা শাক-পাচলি ভর্তি ট্রাক, গৰুভর্তি ট্রাক আব্দ বিভিন্ন গধুৰ বাহন বখাই ডকাইতি কার্য পর্যন্ত ঘটা নগাঁও সদৰ থানাত কেছ পঞ্জীয়নভুক্ত হৈছে। সেয়েহে এই স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাওঁ যে-
-
বিভিন্ন গ্রাহকৰ পৰা তেল চুৰি কাণ্ডৰ উচিত, তদন্ত হ'ব লাগে।
-
কাষৰীয়া ৰাইজ তথা বাসিন্দাসকলৰ কৃত্রিম পানী সমস্যা তেলডিপোৰ কর্তৃপক্ষই শীঘ্রে সমাধান কৰিব লাগে।
-
চুৰি, ডকাইতি ঘটনাক প্রশ্রয় দিয়া তেলডিপোৰ পৰিচালনাৰ দায়িত্বত থকা জনৈক আগৰৱালা উপাধিধাৰী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে।
-
আৰু ওপৰোক্ত দাবীকেইটা সমাধান নোহোৱা পর্যন্ত তেলডিপোটো বন্ধ ৰাখিব লাগে। অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাইজক লগত লৈ গণতান্ত্রিক পন্থাৰে তেলডিপো বন্ধ কৰি দিবলৈ বাধ্য থাকিম বুলি উল্লেখ কৰে।