ডিজিটেল সংবাদ, নগাঁও : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ উৰিয়াগাঁও স্থিত ছহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত শুভাৰম্ভ কৰা হয় ।পৰিষদৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ সভাপতি শ্ৰাজ হাজৰিকাই। ইয়াৰ পিছত পৰিষদৰ সাধাৰণ সম্পাদক কৌশিক হাজৰিকাই শ্বহীদ তপৰ্ণ কৰে।
সভাত সভাপতি আৰু সম্পাদকে চমুকৈ অনুষ্ঠানটোৰ ওপৰত ভাষণ প্ৰদান কৰে। ইয়াৰ পাছতে এখনি মুকলি সভা আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উক্ত অনুষ্ঠানটোৰ ওপৰত আৰু তেওঁলোক যে অনাগত দেশৰ ভৱিষ্যত গতিকে তেওঁলোকৰ ছাত্ৰ জীৱনত কৰণীয় আৰু অকৰণীয় দিশবোৰৰ ওপৰত অনুষ্ঠানৰ আমন্ত্ৰিত অতিথিসকলে চমুকৈ সকলোৱে ভাষণ ৰাখে। শেষত জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই ভাষণ ৰাখি কয় যে, "অসমত সংঘটিত হোৱা সকলো প্ৰকাৰৰ সামাজিক, (অৰ্থনৈতিক, সাংস্কৃতিক, ভাষিক,ধৰ্মীয়, ৰাজনৈতিক) শোষণ, নিপীড়ন আৰু প্ৰৱঞ্চনাৰ পৰা অসমীয়া জনসাধাৰণক মুক্ত কৰি ঐতিহ্যমণ্ডিত অসমীয়া জাতিক তথা জাতীয় জীৱনক সকলো ফালৰ পৰা সুৰক্ষা কৱচ পিন্ধাই এখন সুস্থ-সবল আৰু নিকা মূলত: 'সুন্দৰ অসম' গঢ়াৰ সংগ্ৰামখন শক্তিশালী ৰূপত চলাই থকাৰ মাজেৰেই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত উত্তৰণৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন কৰে।"
উক্ত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। লগতে অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁও জিলাৰ উপ-সভাপতি প্ৰবাল শৰ্মা, কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত উপদেষ্টা প্ৰদীপ লস্কৰ, কলিয়াবৰ জিলাৰ সভাপতি চন্দন শৰ্মা, জিলাৰ প্ৰচাৰ সম্পাদক দৰ্শন কাকতি, জিলাৰ সাংস্কৃতিক সম্পাদক দিপু শইকীয়া, জিলাৰ যুটীয়া সম্পাদক দিব্যজোতি হাজৰিকা, জিলাৰ বিত্ত সম্পাদক দিপাংকৰ শৰ্মা , পুৰণিগুদাম আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাণকৃষ্ণ ডেকা, উৰিয়াগাওঁ আঞ্চলিকৰ যুটীয়া সম্পাদক প্ৰদুন্য বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাওঁ শাখাৰ সঞ্জয়িতা বণিয়া, সংগীতা বণিয়া, মেঘনা তেজস্বিনী, উৰিয়াগাওঁ আঞ্চলিক অন্তগৰ্ত মৰঙীয়াল শাখাৰ সাধাৰণ সম্পাদক শুভ্ৰজিত গগৈ।
তদুপৰি পহুকটা শাখাৰ সাধাৰণ সম্পাদক নৱাৰুণ বৰা, সভাপতি কাজল বৰা ,উপ-সভাপতি কৃষ্ণামণি বৰাৰ লগতে পৰিষদ অন্যান্য সতীৰ্থসক, শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সমাজকৰ্মী তোষেশ্বৰ কলিতাও উপস্থিত থাকে। ইংৰাজী ব্যাকৰণ, গণিত আৰু বিজ্ঞান বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক এই পাঠদান শিবিৰত পাঠদান কৰাবৰ বাবে প্ৰতিটো বিষয়ৰ বাবে একোজনকৈ অভিজ্ঞ শিক্ষকক আমন্ত্ৰণ কৰা হৈছে। তেওঁলোকৰ নাম সমূহ ক্ৰমে - বিপ্লৱ জ্যোতি ভূঞা, গুণীন্দ চক্ৰৱৰ্তী, উৎপল মহন্ত আৰু জ্ঞানজ্যোতি বৰা।
Also Read: USTMৰ উপাচাৰ্য অধ্যাপক গৌৰী দত্ত শৰ্মাক AIUৰ সভাপতিৰ দায়িত্ব...