গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ কৰ্মশালাৰ সফল সামৰণি

গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ কৰ্মশালাৰ সফল সামৰণি
Published on
Updated on

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ উপ-জিলাৰ অন্তৰ্গত গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি পৰে। শিক্ষণ সামগ্ৰীৰ বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিত বিষয়ৰ শিক্ষক সঞ্জীৱ চুতীয়াই প্ৰশিক্ষণ আগবঢ়ায়। গ্ৰীষ্ম বন্ধ সময়চোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সময় যাতে অবাবত অপচয় নহয়,বিদ্যালয়খনৰ গৰম বন্ধত গণিত বিষয়ৰ শিক্ষণ সামগ্ৰীৰ ওপৰত প্ৰশিক্ষণ আগবঢ়ায়।

প্ৰশিক্ষনৰ অন্তিম দিনা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শিক্ষণ-সামগ্ৰী প্ৰতিযোগীতা অনুষ্ঠিত কৰে। উক্ত প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰীসকলে নিজ হাতে গণিত বিষয়ৰ শিক্ষণ-সামগ্ৰী প্ৰস্তুত কৰে। এই কৰ্মশালাত ২২ টা দলে অংশ গ্ৰহণ কৰে। প্ৰতিযোগীতাখনৰ উদ্বোধনী ভাষণ আগবঢ়াই উৰিয়ামঘাটৰ শিক্ষক সৌৰভ শইকীয়াই।

বিচাৰক হিচাপে উপস্থিত থকা শিক্ষক ডিম্পল বৰাই ছাত্ৰ-ছাত্ৰী সকলৰ সৃষ্টিশীল প্ৰতিভাক প্ৰশংসা কৰাৰ লগতে উক্ত কাৰ্যসূচীৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলক সকলো প্ৰকাৰে সহায়ক শ্ৰেণীৰ লৈকে মুঠ ২২ টা দলে অংশ গ্ৰহণ কৰে বুলি বিদ্যালয়খনৰ অধ্যক্ষই জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in