কামপুৰত কপিলী নদীৰ তাণ্ডৱ, বানত প্লাৱিত ন ন ঠাই...

কামপুৰৰ কাকতি গাঁৱৰ কপিলী মথাউৰি ২০২০চনতে ভয়াবহ বানে খহাই নিছিল যদিও আজিলৈকে মেৰামতি নোহোৱাত ৰাইজ শংকিত হৈ পৰিছে

author-image
Asomiya Pratidin
New Update
কামপুৰত কপিলী নদীৰ তাণ্ডৱ, বানত প্লাৱিত ন ন ঠাই...

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ কাকতি গাঁৱৰ কপিলী মথাউৰি ২০২০চনতে ভয়াবহ বানে খহাই নিছিল যদিও আজিলৈকে মেৰামতি নোহোৱাত বৰ্তমানে স্থানীয় দহৰ পৰা বাৰখন গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে। ইফালে কপিলীৰ জলস্তৰ বৃদ্ধি পোৱাত বহু লোকৰ ঘৰ-বাৰী হেৰুৱাৰ সম্ভৱনাই দেখা দিছে ।

উল্লেখ্য যে স্থানীয় লোকে বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়কক ২০২১ চনতে ভগ্ন মথাউৰিটো আমন্ত্ৰণ কৰি আনি দেখুৱাইছিল যদিও আজিলৈকে ৰাইজে মথাউৰি নিৰ্মাণৰ কাম একোৱেই দেখা নাপালে বুলি অভিযোগ উত্থাপন কৰিছে । আনফালে বৰ্তমান অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক পিযুষ হাজৰিকাকো ৰাইজৰ তৰফৰ পৰা অৱগত কৰা হৈছিল । কিন্তু ৰাইজে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ কৰিছে ৰাইজে ।

বৰ্তমানে নদীখনৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাইজ আতংকৃত হৈ পৰিছে । ৰাইজৰ অভিযোগ এই দুয়োজন নেতাই ৰাইজৰ আগত নেতা হিচাপে চিনাকী হোৱাত কাকতি গাঁৱৰ ৰাইজৰ অৰিহণা আছে যদিও গাঁওবাসীৰ বৃহৎ সমস্যা সমাধানৰ ক্ষেত্ৰত পিঠি দি অহা বুলি অভিযোগ কৰি গুৰুত্বপূৰ্ণ এই সমস্যাটো সমাধানৰ বাবে দাবী জনায় ।

Also Read: তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান...

Kapili river