ডিজিটেল সংবাদ, বেবেজীয়াঃ পশ্চিম নগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত সোমবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দনৰ এক অনুষ্ঠান আয়োজন কৰা হয়। অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে সন্মিলনৰ সভাপতি ৰাণা প্ৰকাশ বৰাই। সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে ইলোৰা বৰাই।
সন্মিলনৰ সম্পাদক বিষ্ণুৰাম বৰাই আঁতধৰা অনুষ্ঠানত নগাঁৱৰ ১৫গৰাকী ছাত্র-ছাত্ৰীক সন্মান প্ৰদান কৰা হয়। সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি জিলা স্বাস্থ্য বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক ডা: অতুল চন্দ্ৰ পাতৰে স্বাস্থ্যৰ দিশেৰে ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় দিশ সম্পৰ্কে আলোকপাত কৰি ভাষণ আগবঢ়াই। লগতে তেওঁ যোগাভ্যাসৰ গুৰুত্ব সম্পৰ্কেও মত আগবঢ়াই ।
সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ছাত্ৰ-ছাত্ৰী সকলক মানৱ সম্পদৰূপে গঢ় দিবলৈ আহ্বান জনাই। সভাত শিল্পী জীয়া জৈনৰ সত্ৰীয়া নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। অনুষ্ঠানত ইৰোলা ডেকা, যোগশ্বৰ বৰদলৈ, সৰ্বানন্দ ডেকা, মাণিক বৰা, ভূপেন বৰা, ৰূপৰাম বৰা, ভূপেন সেনাপতি, অচ্যুতানন্দ মহন্ত, মধু বৰা, গিৰিকান্ত হাজৰিকা, শিৱৰাম বৰদলৈ, মধুচিং বৰদলৈ,প্ৰণৱ ফুকন, নিখিল ৰঞ্জন গোস্বামী, মহীন্দ্ৰ মহন্তকে প্ৰমূখ্য কৰি ভালসংখ্যকলোক উপস্থিত থাকে ।
Also Read: লংকাত ব্ৰজপাতৰ ফলত মহিলাৰ মৃত্যু...