কামপুৰৰ পথাৰত শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ

কামপুৰৰ পথাৰত শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ

author-image
Asomiya Pratidin
New Update
কামপুৰৰ পথাৰত শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ, কামপুৰ: নিশা হলেই কামপুৰৰ কৃষকৰ পথাৰলৈ আগমন হয় গজৰাজৰ। নিশা হ'লেই এতিয়া কঠিয়াতলী আৰু কামপুৰৰ বিভিন্ন স্থানৰ ৰাইজ শংকিত হৈ পৰে। অঞ্চল দুটাত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী ৷

উল্লেখ্য যে ধান পকা লগে লগে বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হৈ কামপুৰ আৰু কঠীয়াতলীৰ বিভিন্ন এলেকাত সন্ত্ৰাস চলাইছে৷ খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷

হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগত উঠিছে নগাঁৱৰ বন বিভাগ বিৰুদ্ধে ৷ বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটি, কছাৰী গাঁৱৰ তেলিআটি, তেঁতেলীসৰাকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁৱৰ ৰাইজ ৷ বিগত এমাহ ধৰি দিনে নিশাই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে এফালৰ পৰা পকা ধান খায় তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ বিঘা পকা ধান ৷

Also Read: এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন

Wild elephanat