বন্যহস্তীৰ সন্ত্ৰাসত আধা পকা ধান কাটিলে কৃষকে

বন্যহস্তীৰ সন্ত্ৰাসত আধা পকা ধান কাটিলে কৃষকে

author-image
Asomiya Pratidin
New Update
বন্যহস্তীৰ সন্ত্ৰাসত আধা পকা ধান কাটিলে কৃষকে

ডিজিটেল সংবাদ, কঠীয়াতলী : নগাঁও জিলাৰ কঠিয়াতলীত প্ৰায় প্ৰতিদিনেই চলিছে বন্যহস্তীৰ সন্ত্ৰাস ৷ দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ নিজৰ খেতিডৰা শোচনীয় অৱস্থা দেখি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷

কন্দলী পাহাৰৰ পৰা নামি অহা হাতীয়ে কঠিয়াতলী কছাৰী গাঁও, মহগড়, জুমৰমুৰ, তেলিয়াআটিকে ধৰি বহু কেইখন গাঁৱত ত্ৰাসৰ সৃষ্টি কৰিছে ৷

বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে আধা পকা ধান কটিব লগা হৈছে গঞাই ৷ শ শ বিঘা শালি ধানৰ খেতি খাই অনিষ্ট কৰিছে বন্যহস্তীয়ে ৷ উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ ওৰে নিশা জুই জ্বলাই, টিং বজাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰ অপ্ৰাণ চেষ্টা চলাইছে কৃষক সকলে ৷

Also Read: এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন

wild elephant attacked