ডিজিটেল সংবাদ কামপুৰঃ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জলাঞ্চললৈ বন্যহস্তীৰ আগমন।বুধবাৰে নিশা কঠীয়াতলীত ৰেংবেংৰ শগুন দাংগাত পুনৰ বনৰীয়া হাতীয়ে চলালে উপদ্ৰব।
হাতীৰ আক্ৰমণত কঠিয়াতলীৰ ৰেংবেংৰ শগুন দাংগাত ভৰত পেটেল নামৰ এজন লোকৰ বাসগৃহ ভঙাৰ লগতে লোকজনৰ বাৰীৰ প্ৰায়বোৰ গছ-গছনি ভাঙি চুৰমাৰ কৰে হাতীৰ জাকটোৱে।
ইয়াৰোপৰি তেওঁৰ ভঁৰালত ৰখা ধানো খাই তহিলং কৰে। কথমপি প্ৰান ৰক্ষা পৰে বাসগৃহত থকা লোকসকলৰ।
ইফালে ভাৰত পেটেল নামৰ লোকজনৰ বাসগৃহতো বন্যহস্তীয়ে ভাঙি পেলোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক তেওঁলকোকক থকাৰ সুব্যৱস্থা কৰিবৰ বাবে অনুৰোধ দৰিদ্ৰ পৰিয়ালটোৰ।
Also Read: দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...