কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ

কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত একাংশ মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে কামপুৰৰ তেঁতেলীসৰা পঞ্চায়তৰ অন্তৰ্গত পলাশবাৰীৰ ৰিজাৰ্ভত মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিৰ অধীনত এটা অমৃত সৰোবৰৰ পুখুৰী খান্দে কঠীয়াতলী উন্নয়ন খণ্ডই ।

এই পুখুৰীটোৰ সন্দৰ্ভত বহু অভিযোগ উত্থাপিত হৈছিল কিন্তু শেহতীয়াকৈ চৰকাৰী নীতি অনুসৰি এই পুখুৰীটো আত্মসহায়ক গোটক চোৱা-চিতাৰ দায়িত্ব দিয়া হৈছিল। অৱশ্যে ইয়াকলৈও তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈ থকাৰ সময়তে অইন এটা আত্মসহায়ক গোটৰ লগত গোপনে চুক্তিৱদ্ধ কৰাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে কামপুৰৰ পূব তেঁতেলীসৰাৰ কল্যাণী আত্মসহায়ক গোট আৰু পলাশবাৰীৰ শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে পুখুৰীটো চোৱা-চিতাৰ দায়িত্বৰ বাবে আৱেদন কৰিছিল। ইয়াৰোপৰি শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে পুখুৰীটো চোৱা চিতাৰ দায়িত্ব পাবৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে অনুমোদন জনায়।

এই লৈ দুটা পক্ষৰ মাজত যুঁজ বাগৰ চলি থকাৰ সময়তে যোৱা বৃহস্পতিবাৰে অসম ৰাজ্যিক জীৱিকা অভিযানৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ আঁচনি বিষয়া টিনা মনি দত্তই তেতেলীসৰাৰ কল্যাণী আত্মসহায়ক গোটৰ লগত গোপনে চুক্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে শ্ৰীকৃষ্ণ গ্ৰাম্য সংগঠনে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি শনিবাৰে কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যলয়ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীকাৰী মহিলাসকলে উন্নয়ন খণ্ডৰ বিষয়া আৰু জীৱিকা অভিযানৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ আঁচনি বিষয়া টিনা মনি দত্তই বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

কঠীয়াতলী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মহিলাৰ প্ৰতিবাদ
সামাজিক মাধ্যমত সংগীত শিল্পী লাকী আলীৰ বিস্ফোৰক মন্তব্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in