ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ

ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ,ৰহা : ৰাজ্যজুৰি অব্যাহত আছে বানৰ ভয়ংকৰ সংহাৰ । এই বানৰ সংহাৰৰ মাজতেই এইবাৰ বিধ্বস্ত পথৰ বাবে ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে এজাক মহিলাই।

ৰহাৰ দীঘলদৰি শংকৰ নগৰৰ এই পথটি দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে । এজাক বৰষুণতে পথটোৰে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। যাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত সমস্যাৰ সৃষ্টি হৈ আহিছে।

পথটোৰ দুৰবস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল প্ৰায়ে বিদ্যালয়লৈ যাব নোৱাৰে । বিশেষকৈ পথটোৰ পুতৌলগা অৱস্থাৰ বাবে ৰোগী কঢ়িওৱা বাহন এখনো গাঁৱখনত প্ৰৱেশ কৰিব নোৱাৰে। যাক লৈ প্ৰায়ে সমস্যাৰ সৃষ্টি হৈ আহিছে অঞ্চলটোত।

এইক্ষেত্ৰত স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহু বাৰ অৱগত কৰিছে যদিও আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়ে পথটোৰ এই দুৰাৱস্থাৰ প্ৰতি উদাসীন চৰকাৰী জনপ্ৰতিনিধি , বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ প্ৰতিবাদ জনাই এইদৰে পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলটোৰ মহিলাসকলে।

ৰহাৰ দীঘলদৰি শংকৰ নগৰত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ
হাতত বিশ্বকাপ ট্ৰফী লৈ স্বদেশত উপস্থিত টীম ইণ্ডিয়া : পঢ়ক সবিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in