ডিজিটেল সংবাদ,নগাঁও: অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবুবক্কৰ ছিদ্দিকক গ্ৰেপ্তাৰ ৷ ড্ৰাগছ সৰবৰাহৰ গোচৰৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিকক ৷
কচুৱা আৰক্ষী থানাত ৭৩/২৪ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২) (এ)/১২৩,২১৭ ধাৰাত আৰু NDPS আইনৰ আৰ/ডব্লিউ এছ চি চি ২২(চি)/২৯ ধাৰাত ড্ৰাগছ ক্ৰয়, বিক্ৰীৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।
কামপুৰৰ পমিলা জাৰণিৰ আব্দুল মালেকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নগাঁও আৰক্ষীয়ে জুৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত নেতা জনক৷ অভিযোগ মতে আব্দুল মালেকক ড্ৰাগছ যোগান ধৰিছিল আবু বক্কৰ ছিদ্দিকে।
আৰক্ষীয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাজনে ড্ৰাগছ ক’ৰ পৰা সংগ্ৰহ কৰিছিল সেই সন্দৰ্ভত জেৰা চলাই আছে ৷
Also Read: আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ জঘন্য ঘটনাৰ একমাত্ৰ দোষী সঞ্জয় ৰয় !