কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ উদযাপন

কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,কলিয়াবৰঃ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত মঙলবাৰে কলিয়াবৰৰ কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ৰ কাৰ্যসূচী ৷ ভাৰত পৰ্যটন, যুৱ পৰ্যটন ক্লাৱ আৰু কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আয়োজিত আলোচনা সভাৰ এক অনুষ্ঠানত বিদ্যালয়খনৰ ৩শতাধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ এগৰাকী কৰ্মকৰ্তা যতীন কলিতাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ তথা সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই ৷ অধ্যক্ষ সাহাই নিজৰ বক্তব্যত উল্লেখ কৰে যে ইউনেস্ক’ৰ আহ্বান মৰ্মে আয়োজন কৰা বিশ্ব ঐতিহ্য সপ্তাহৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঐতিহ্যসমূহ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷

এই ব্যৱস্থা বিশ্ব শান্তিৰ বাবেও এক বাৰ্তা হিচাপে চিহ্নিত হৈছে বুলি উল্লেখ কৰে সাংবাদিক সাহাই ৷ আদৰণি ভাষণযোগে ধ্ৰুৱজ্যোতি সাহাই লগতে কয় যে ভাৰতীয় সংবিধানত ঐতিহ্যমণ্ডিত স্থানৰ সুৰক্ষাৰ বাবে অনুচ্ছেদ ৰখাৰ সমান্তৰালভাৱে আইন প্ৰণয়ন কৰিছে যদিও প্ৰকৃতাৰ্থত সেয়া ফলপ্ৰসূ হৈ উঠা নাই ৷

লগতে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কলিয়াবৰ অঞ্চলত বিভিন্ন ঐতিহ্যপূৰ্ণ স্থান আছে ৷ কিন্তু, চৰকাৰী মেৰপেচত বহু ঐতিহ্য জড়িত সমলৰ অৱস্থা আজিও তথৈবচ ৷

চৰকাৰে জনগণ তথা উঠি অহা প্ৰজন্মৰ সহযোগিতাত ঐতিহাসিক স্থানসমূহৰ সঠিকভাৱে সুৰক্ষা প্ৰদান কৰি জীয়াই ৰাখিবলৈয়ো আহ্বান জনায় ৷ কুঠৰী নিৱাসী প্ৰদীপ মহন্ত, কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, বিভিন্ন গৰাকী ব্যক্তি নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফণি হাজৰিকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷

আলোচনা সভাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক বসন্ত শইকীয়া। শইকীয়াই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কুঠৰী এলেকাত বিশেষকৈ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ বাসগৃহ আৰু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বাসগৃহ সংৰক্ষিত কৰাৰ প্ৰয়োজন আছে ৷

তেওঁ কুঠৰীৰ বিভিন্ন স্থানৰ ঐতিহ্য সম্বন্ধে বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে উক্ত ঐতিহ্যমণ্ডিত স্থানসমূহ পৰ্যটকৰ বাবে মুকলি কৰিব পাৰিলে সুৰক্ষিত হৈ থাকিব বুলি সাৰুৱা বক্তব্য আগবঢ়ায় ৷ আজিৰ এই আলোচনা সভাৰ অনুষ্ঠানত আন এগৰাকী সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিপুল হাজৰিকা।

হাজৰিকাই কলিয়াবৰৰ ঐতিহ্যমণ্ডিত স্থানৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ তেওঁ কলিয়াবৰৰ ৰজাদিনীয়া গড়, কুকুৰাকটা পাহাৰ, কামাখ্যা দেৱালয় আদি সম্বন্ধে বিভিন্ন তথ্য সম্বলিত ব্যাখ্যা আগবঢ়ায় ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত চাপানালালৈ গ’লে শ্বিলঙৰ এলিফেণ্ট ৱাটাৰ ফললৈ নগ’লেও হয় বুলি উল্লেখ কৰি চৰকাৰ, জনগণ, সংবাদ মাধ্যম আদি সকলোকে এই স্থানসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰত বৰ্তমানতকৈয়ো অধিক ধৰণে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

কাজিৰঙা অধ্যয়ন চক্ৰৰ মুকুটজ্যোতি শইকীয়া, অম্লান হাজৰিকা, পুষ্কৰ কুৰ্মী, মৃণ্ময় শইকীয়া, ৰুমা ঘাটোৱাল, নিতুল বাউৰী, মঞ্জিত বৰুৱা, দিলীপ ঘাটোৱাল, মনোৰম তাছা, প্ৰীতম মুণ্ডা, ভাস্কৰ হাজৰিকা, সুমিত দে’, হিইজ বৰা আদি সদস্য উপস্থিত থকা অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ঐতিহ্যমণ্ডিত ঠাইসমূহ সুৰক্ষাৰ বাবে সংকল্প গ্ৰহণ কৰে ৷ ইপিনে, অহা ২৫ নৱেম্বৰত সমাপ্ত হ’বলগীয়া এই সপ্তাহৰ আজি প্ৰথম কাৰ্যসূচী কাজিৰঙা অধ্যয়ন চক্ৰই কলিয়াবৰৰ কুঠৰীত উদযাপন কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত অহা ২৪ নৱেম্বৰত নুমলীগড়ত আৰু ২৫ নৱেম্বৰত বোকাখাতত এই ঐতিহ্য সপ্তাহৰ সামৰণি অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে কাজিৰঙা অধ্যয়ন চক্ৰই ৷

কুঠৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৩ উদযাপন
নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অচ্যুত গোস্বামীৰ বিয়োগ : এইমছত দেহদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in