নগাঁৱত 'বিশ্ব অ'জন স্তৰ সুৰক্ষা দিৱস'ৰ মনোজ্ঞ অনুষ্ঠান...

বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাজনো ব্যক্তিক সম্বৰ্ধনা
নগাঁৱত 'বিশ্ব অ'জন স্তৰ সুৰক্ষা দিৱস'ৰ মনোজ্ঞ অনুষ্ঠান...
নগাঁৱত 'বিশ্ব অ'জন স্তৰ সুৰক্ষা দিৱস'ৰ মনোজ্ঞ অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: প্ৰতি বছৰৰ দৰে ১৬ ছেপ্টেম্বৰ দিনটো 'বিশ্ব অ'জন স্তৰ সুৰক্ষা দিৱস' হিচাপে বিশ্বৰ বিভিন্ন দেশে পালন কৰাৰ লগতে নগাঁৱতো আজি পালন কৰা হৈছে। দিৱসটিৰ সৈতে সংগতি ৰাখি আজি "অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা"ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড০ নিৰঞ্জন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত কেঁচুসাৰ প্ৰস্তুত কৰণেৰে সুখ্যাতি অৰ্জন কৰা উদ্যমী ড০ সঞ্জীৱ গোস্বামী, বিশিষ্ট চিকিৎসক, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা আদিয়ে দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে, সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ স্ট্রেট'স্ফীয়েৰ স্তৰে শোষণ কৰি জীৱজগতক ৰক্ষা কৰি আছে। যদি মানুহৰ শৰীৰত এই ৰশ্মিৰ প্ৰভাৱ পৰে তেনেহ'লে চৰ্ম ৰোগ, হাঁপানী আদিৰ উপৰি মাৰাত্মক কৰ্কট ৰোগো হ'ব পাৰে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰাৰ কথা উল্লেখ কৰে।

অ'জন স্তৰ অৱনতিৰ কাৰণ হ'ল চি এফ চি গেছ অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন গেছৰ অত্যাধিক নিৰ্গমন। সেয়ে আমি ইয়াক প্ৰতিৰোধ কৰিব লাগিব, অন্যথা অদূৰ ভৱিষ্যতে জীৱজগতৰ সকলোৱে ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব।

অনুষ্ঠানত পাৱাৰ প্ৰজেক্টৰৰ জৰিয়তে বিষয়বস্তু সুন্দৰকৈ উপস্থাপন কৰে অধ্যাপক ড০ প্ৰশান্ত গগৈয়ে। চকু চিকিৎসক ডাঃ পি কে গৌতম, অৱসৰপ্রাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰ, অভিযন্তা-কবি মনোজ কুমাৰ শৰ্মা, সাংবাদিক হীৰেন শৰ্মা, প্ৰবাল সান্দিল্য আদিয়ে মূল বিষয়বস্তুৰ সৈতে সংগতি ৰাখি ভাষণ প্ৰদান কৰে।

সমাজৰ বহু গণ্য-মান্য লোকৰ পৰা শিক্ষাৰ্থীলৈকে শতাধিক লোকৰ উপস্থিতিত "অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা"ৰ নগাঁও জিলা সমিতিৰ সভাপতি অসীম বৰাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কামপুৰৰ জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ, কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক তৰুণ মুক্তিয়াৰকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ভালেকেইজন লোকক গামোচা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

নগাঁৱত 'বিশ্ব অ'জন স্তৰ সুৰক্ষা দিৱস'ৰ মনোজ্ঞ অনুষ্ঠান...
ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবলৰ ছেমিত অসম-ৰাজস্থান, হিমাচল-হাৰিয়ানা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in