নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস পালন

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস পালন
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও ছোৱালী কলেজৰ চিন্তা জুৰণি প্ৰেক্ষাগৃহত শনিবাৰে উলহ-মালহেৰে বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰা হয়। বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে এখন বিশেষ সভাৰ আয়োজন কৰা হয়।

বিশিষ্ট বাঁহীবাদক অশ্বিনী শৰ্মাই বৰগীতৰ বংশীবাদনেৰে অনুষ্ঠানৰ আৰম্ভ কৰে। ইয়াৰ পিছতে নগাঁৱৰ ৪গৰাকী সদ্যপ্ৰয়াত শিল্পী পাৰ্থসাৰথি বৰুৱা, গোপাল প্ৰধান, মুকুট চন্দ্ৰ ভূঞা আৰু পুলকানন্দ কৌশিকক ক্ৰমে ড০ জ্যোতিৰ্ময় জানা, উজ্জ্বল জ্যোতি দাস, ববিতা শইকীয়া আৰু গোলাপ বৰাৰ ভিডিঅ' বাণীবন্ধনেৰে শ্ৰদ্ধাঞ্জলী জনোৱা হয়।

আলোকচিত্ৰ শিল্পী তথা ভিউফাইণ্ডাৰৰ পৰিচালন সঞ্চালক নৃপেন শইকীয়া আঁত ধৰা অনুষ্ঠানটোত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড০ কুলেন চন্দ্ৰ দাস। লগতে গুৱাহাটী চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা, দিল্লী ললিত কলা অঁকাডেমী আৰু গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সম্পাদক বিশিষ্ট চিত্ৰশিল্পী কিশোৰ কুমাৰ দাস আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস উপস্থিত থাকে ।

এই সভাতে চিত্ৰশিল্পী পল্লৱী শৰ্মাই সম্পাদনা কৰা নগাঁৱৰ পৰা প্ৰকাশিত একমাত্ৰ শিল্পকলাৰ আলোচনী চিত্ৰপটৰ চতুৰ্থ সংখ্যা চিত্ৰশিল্পী অতুল বৰুৱাই উন্মোচন কৰে। চিত্ৰশিল্পী অতুল বৰুৱাই অসমত শিল্পসম্পৰ্কীয় আলোচনীয়েই নহয় লেখামেলাও বহুত কম হয় বুলি আক্ষেপ প্ৰকাশ কৰি চিত্ৰপটক জীয়াই ৰখাৰ ক্ষেত্ৰত নগাঁৱৰ প্ৰকাশক ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানক সাধুবাদ দিয়ে।

যি সময়ত মানুহে অশান্তি আৰু হতাশাত ডুবি আছে তেনেসময়ত চিত্ৰপটৰ ৩১৬ পৃষ্ঠাৰ চকুতলগা পকাবন্ধা সংস্কৰণে শিল্পীসকলক আশাৰ বাট দেখুৱাইছে। এই সভাতে প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ড০ কুলেন চন্দ্ৰ দাসে উন্মোচন কৰা তথা আলোকচিত্ৰশিল্পী নৃপেন শইকীয়াই নিৰ্মাণ কৰা নগঞা ভাস্কৰ্যবিদ তথা বাঁহীবাদক অশ্বিনী শৰ্মাৰ জীৱনভিত্তিক ১০ মিনিট দৈৰ্ঘ্যৰ চুটি তথ্যচিত্ৰখনিয়ে বয়োজ্যেষ্ঠ শিল্পীগৰাকীক জীয়াই থাকোতেই উচিত সন্মান জনোৱা বুলি প্ৰশংসা কৰে।

উল্লেখযোগ্য যে প্ৰয়াত আলোকচিত্ৰশিল্পী পাৰ্থসাৰথি বৰুৱা সোঁৱৰণি আলোকচিত্ৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফটো বঁটা এইবাৰ তেজপুৰ মিচন চাৰিআলিৰ পলাশ পৰাশৰে লাভ কৰে। বিশেষ অসুবিধাবশত তেওঁৰ হৈ বঁটা গ্ৰহণ কৰে জ্যেষ্ঠ ভগ্নী ত্ৰিবেণী শৰ্মাই।

এই বঁটাত আছে নগদ ১০ হাজাৰ টকা, ট্ৰফী আৰু মানপত্ৰ। সভাত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা বৰাই ভাষণ প্ৰসংগত বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰাসংগিকতা আৰু বৰ্তমান সময়ৰ ফটোগ্ৰাফাৰসকলৰ দায়িত্বৰ বিষয়ে সুন্দৰ আলোকপাত কৰে।

অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ প্ৰয়াত লাৱণ্য শইকীয়া সোঁৱৰণি ভিউফাইণ্ডাৰ বঁটা এইবাৰ প্ৰদান কৰা হয় দৃশ্যকলাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চৰ্চা চলাই থকা উদীয়মান চিত্ৰশিল্পী সু-সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমক। ললিত কলা অঁকাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য কিশোৰ কুমাৰ দাসে শৰ্মিষ্ঠা প্ৰীতমক এই বঁটা প্ৰদান কৰি ভৱিষ্যতে শিল্পকলা সম্পৰ্কীয় যিকোনো সহায় শিল্পীগৰাকীকে আদি কৰি নগাঁৱৰ যিকোনো কৰ্মৰত শিল্পীক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

নগাঁৱত বিশ্ব আলোকচিত্ৰ দিৱস পালন
বন বিভাগক কোটি কোটি ৰাজহ ফাঁকি দি দিনে-নিশাই চলাই আছে বালিৰ ব্যৱসায়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in