ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰত এগৰাকী উচ্চ শিক্ষিত ইছলাম ধৰ্মালম্বী যুৱতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ ৰঙিয়াৰ যুৱতীগৰাকীক সনাতন ধৰ্মৰ দীক্ষা দিয়া হয় জখলাবন্ধা সত্ৰত ৷
সত্ৰখনিৰ সত্ৰাধিকাৰে সনাতনী নিয়মৰ মাজেৰে দীক্ষা প্ৰদান কৰে ৷ সত্ৰৰ মজিয়াত হোম যজ্ঞত অংশ লৈ শৰণ গ্ৰহণ কৰে যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিছতে ইছলাম ধৰ্মী যুৱতীগৰাকীয়ে পূৰ্বৰ নাম পৰিহাৰ কৰি অনন্যা দেউৰি নামেৰে পৰিচিত হয় ৷
জানিব পৰা মতে উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে ধেমাজীৰ এজন যুৱকৰে বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰাকক্ষণত গ্ৰহণ কৰে হিন্দু ধৰ্ম ৷ যুৱকজন পেছাত এগৰাকী চিকিৎসক ৷
Also Read: শিৱসাগৰৰ যুৱ দ'লত জল জীৱন মিছনৰ আঁচনি সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক