বটদ্ৰৱা আৰক্ষীৰ অভিযানত আটক জহিৰুল ইছলাম

বটদ্ৰৱা আৰক্ষীৰ অভিযানত আটক জহিৰুল ইছলাম

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা আৰক্ষীৰ অভিযানত আটক জহিৰুল ইছলাম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আটক বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছ সহ আটক কচুৱা থানাৰ অন্তৰ্গত ১ নং ফাকলি পথাৰৰ জহিৰুল ইছলাম। ধৃত জহিৰুল ইছলামে বটদ্ৰৱাৰ কদমনিৰ শ্বিৰাজুল ইছলামৰ পৰা কচুৱালৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহৰ বাবে লৈ যোৱা অৱস্থাত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে ড্ৰাগছ ব্যৱসায়ী শ্বিৰাজুল ইছলাম পূৰ্বতেও নগাঁৱৰ পশ্চিম অঞ্চলতৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী হিচাপে নগাঁও আৰক্ষীৰ দ্বাৰা এনকাউণ্টাৰৰ বলি হ'বলগীয়া হৈছিল। কিন্তু লক্আপৰ পৰা উলাই আহি পুনৰ শ্বিৰাজুল ইছলামে ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈছে। পৰবৰ্তী কালত ধৃত জহিৰুলৰ স্বীকাৰোত্তৰৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে শ্বিৰাজুল ইছলামৰ গৃহত অভিযান চলায় যদিও শ্বিৰাজুল সহ ঘৰৰ সকলোৱে গৃহ এৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

Also Read: আকৌ প্ৰত্যক্ষ ৰাজনীতিলৈ ঘূৰি আহিব নেকি বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ?

batadrava