ডিজিটেল সংবাদ,নগৰবেৰাঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত জাওঁকাটাত দুই ফৈদৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা এক ভূমিকেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওঁকাটা গাঁৱৰ কাদেৰ আলী আৰু আজগৰ আলীৰ ফৈদৰ মাজত দীৰ্ঘদিন ধৰি এক ভুমি কেন্দ্ৰিক সংঘাত চলি আছিল ৷
উক্ত সংঘাতে বুধবাৰে চুড়ান্ত ৰূপ ধাৰণ কৰাত আজগৰ আলী আৰু কাদেৰ আলী ফৈদৰ মাজত ভয়ংকৰ মাৰপিট সংঘটিত হয়।এই মাৰপিটত দুয়োপক্ষৰেই পুৰুষ-মহিলা আৰু শিশুসহ ১৩ জনকৈ লোক আহত হয় ৷
পিছত আহত সকলক স্থানীয় ৰাইজে ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও কাদেৰ আলীৰ পক্ষৰ ৬ জনকৈ লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জিএমচিএইচলৈ প্ৰেৰণ কৰে ৷
ইফালে, ঘটনাৰ খৱৰ পাই সোণতলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।