ডিজিটেল সংবাদ নগাঁও : বেলনা মাৰীৰে কোবাই হত্যা কৰা হ’ল দুজনক ৷ নিশা কৰ্মৰত অৱস্হাত এজন কৰ্মচাৰীয়ে কোবাই হত্যা কৰে সহকৰ্মী দুই কৰ্মচাৰীক ৷ এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ এটা বেকাৰীত ৷ নগাঁৱৰ গৌৰি বেকাৰীত সংঘটিত হয় এই শিহৰনকাৰী ঘটনা ৷ চহৰখনৰ মোল্লাপট্টিত থকা বেকাৰীৰ তিনি কৰ্মচাৰী উত্তম দাস , অভিজিৎ সাহা আৰু ইন্দ্ৰজিৎ পালৰ মাজত নিশা সংঘাত লাগে।
ইন্দ্ৰজিৎ পালে উত্তম আৰু অভিজিতক মৰিয়াই মৰিয়াই হত্যা কৰে ৷ বেকাৰীটোত ব্যৱহাৰ হোৱা বেলনা মাৰীয়ে ইন্দ্ৰজিতে উত্তম আৰু অভিজিতক মৰিয়াই মৰা বুলি আৰক্ষীৰ আগত প্ৰাৰম্ভিক পৰ্যায়ত স্বীকাৰোক্তি দিছে ৷ আৰক্ষীৰ মতে হত্যাত অভিযুক্ত ইন্দ্ৰজিতে দুই মৃতদেহৰ কাষত পুৱালৈকে বহি আছিল ৷ কোঠাৰ ভিতৰত মৃতদেহৰ কাষত বহি থকা অৱস্থাত পুৱা আৰক্ষীয়ে ইন্দ্ৰজিৎ পালক গ্ৰেপ্তাৰ কৰি আনে ৷
এই ঘটনাক লৈ মোল্লাপট্টি এলেকাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ ঘটনাস্হলীত আৰক্ষী অধীক্ষক উপস্হিত হৈ পৰিস্হিতি পৰ্যবেক্ষণ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্হলীৰ পৰা দুয়োটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷