ডিজিটেল সংবাদ ,নগাঁও: ভাৰতৰ নিৰ্বাচন আয়োগে অসম বিধানসভাৰ ২০২৪ চনৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে এক প্ৰেছ জাননী প্ৰকাশ কৰিছে। এই উপ-নিৰ্বাচন নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধান সভা সমষ্টিটো অনুষ্ঠিত হব ।
ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ নগাঁও জিলাতে আদৰ্শ আচৰণ বিধি যোৱা ১৫ অক্টোবৰৰ পৰা বলবৎ হৈছে।নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি উপ-নিৰ্বাচন নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অহা ১৩ নৱেম্বৰ ,২০২৪ ভোট গ্ৰহণ অনুষ্ঠিত হব ।
উক্ত উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে এক আদেশযোগে জিলাখনত অনুজ্ঞা পত্র থকা আগ্নেয়াস্ত্ৰ কঢ়িয়াই লৈ ফুৰাটো নিষিদ্ধ কৰাৰ লগতে এই অস্ত্র-শস্ত্র সমূহ স্হানীয় তথা আৰক্ষী থানাত জমা দিবলৈ গৰাকী সকলৰ প্ৰতি নির্দেশ জাৰী কৰিছে ।
এই নিৰ্দেশ অমান্য কৰিলে ভাৰতীয় দণ্ডবিধিৰ নিদ্দিষ্ট ধাৰা অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে । উল্লেখযোগ্য যে, জমা কৰা অস্ত্ৰ-শস্ত্ৰ সমূহ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পিছত পুনৰ ঘূৰাই দিয়া হ’ব।