ডিজিটেল সংবাদ, নগাওঁঃ আজি জৱাহৰলাল নেহৰুৰ ১৩৫ তম জন্মদিন । শিশু দিৱস। ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ আয়োজনত আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা পুথিভঁৰাল শিশু দিৱসটি উৎযাপন কৰা হয়। বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা ই উদ্দেশ্য ব্যাখ্যা কৰা অনুস্থানটিৰ আঁত ধৰে বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই।
শিশু দিৱসৰ অনুস্থানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ দুটা কালৰ উপ সভাপতি ইদ্ৰিছ আলি দেৱে"ভাবিছানে লিলিমাই/ এই জীৱনত একো নাই।" লোকগীতৰ শাৰীটিৰে শিশুসকলক জীৱনবোধৰ পাঠ দি জীৱনটো যে একো নহয় এক হুলস্থুল আখ্যাৰে আখ্যা দিয়ে। শৃংখলাবদ্ধতা শিক্ষাৰ অন্যতম দিশ, যিটো ৰামানুজন মজিয়াত তেওঁ বিচাৰি পোৱা বুলি উল্লেখ কৰিছে।
অসমীয়া শিশু সাহিত্যৰ সাধক নূপূৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য্য দেৱে অসমীয়া ভাষা সাহিত্যৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ উদ্দেশ্যে সাধুকথা কোৱা আৰু শুনাৰ পৰিবেশ এটা গঢ়িবলৈ আহ্বান জনায় । অসমীয়া গ্ৰাম জীৱন ধাৰাৰ অকৃত্ৰিম পৰিবেশৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টাৰে শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় "জীৱন থাকে গাঁৱত চহৰত নহয়" ।
জীৱনত সংঘটিত বিভিন্ন ঘটনাৰ ভাল বেয়া দুয়োটা দিশেই আছে। বেয়া বা নেতিবাচক দিশ বোৰ এৰি ইতিবাচক দিশবোৰক গুৰুত্ব দি আগঢ়াটোৱেই জীৱন। মন্তব্যৰে ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা আগবঢ়ায় সুদুৰ মাৰ্ঘেৰিটা নিবাসী সামাজিক মাধ্যমত পাৰ্থ ছাৰ খ্যাত শিক্ষক পাৰ্থ জ্যোতি বৰুৱাই ।
আত্মনিৰ্ভৰশীলতাক জীৱনৰ লক্ষ্য হিচাপে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাই মানুহৰ কাৰণে চিন্তা কৰা মানুহ হ'বলৈ আৰু নিজৰ জাতি আৰু সমাজৰ কাৰণে কাম কৰিবলৈ তেওঁ শিক্ষাৰ্থী সকলক আহ্বান জনায়
এই অনুস্থানতেই সংগীতা বৰুৱা বৰাৰ কথা , কানু কন্দলীৰ সুৰ সম্বলিত, সংগীতা বৰুৱা বৰা আৰু চিত্ৰলেখা বৰুৱাই কণ্ঠদান কৰা শিশু দিৱসৰ গীত নেহৰু খুৰা ৰ লগতে স্বপ্না নেওগ বৰাই ৰচনা কৰা ঋতুৱে ঋতুৱে ফুলে ক'ত ফুল আৰু সাধু শুনো আহা শীৰ্ষক দুখন শিশু গ্ৰন্থও উন্মোচন হয় ।
বিদ্যালয়ৰ শিক্ষক মনোজ কুমাৰ শৰ্মা আৰু ৰাজতনু বেনাৰ্জীয়ে শিক্ষাৰ্থীক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰে । বিদ্যালয়ৰ শিক্ষাৰ্থী ৰিম্পী আৰু অয়নে দিয়া বক্তৃতাৰ পিছতেই বিদ্যালয়ত এশ শতাংশ উপস্থিত থকা ছাত্ৰ -ছাত্ৰী আৰু সাংস্কৃতিক প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰি বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কৰে।