ডিজিটেল ডেস্ক : নলবাৰীত শেহতীয়া যৌন নিৰ্যাতনৰ ঘটনাৰ পিছত শুকুৰবাৰে পুনৰ সেই একেই যৌন নিৰ্যাতনৰ ঘটনা পুনৰাবৃত্তিৰ কথা পোহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান নলবাৰীৰ কমাৰকুছি। কমাৰকুছিত ৯ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাই মাধৱ দাস নামৰ এজনলোকে।
কিশোৰীগৰাকীৰ ঘৰ কমাৰকুছিৰ ডিংডিঙী গাঁৱত। ঘটনা অনুসৰি ধৃত মাধৱ দাসৰ ব্যৱসায়িক প্রতিষ্ঠানতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত কমাৰকুছি থানাত এজাহাৰ দাখিল কিশোৰীগৰাকীৰ পৰিয়ালৰ। অৱশ্যে ইতিমধ্যেই অভিযুক্ত মাধৱ দাসক আটক কৰিছে কমাৰকুছি আৰক্ষীয়ে।
Also Read: অসম কৃষি বিশ্ববিদ্যালয় আৰু নতুন দিল্লীৰ শক্তি-সম্পদ প্ৰতিষ্ঠানৰ বুজাবুজি চুক্তি...