নলবাৰীত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় মধ্যকালীন অধিৱেশনৰ আয়োজন...

নলবাৰীত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় মধ্যকালীন অধিৱেশনৰ আয়োজন...

author-image
Asomiya Pratidin
New Update
নলবাৰীত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় মধ্যকালীন অধিৱেশনৰ আয়োজন...

ডিজিটেল ডেস্ক : অসম লেখিকা সমাজৰ উদ্যোগত আৰু নলবাৰী জিলা লেখিকা সমাজৰ সহযোগত ৭ নবেম্বৰত দিনজোৰা কাৰ্যসূচীৰে জিলা পুথিভঁৰাল প্ৰাংগনত অসম লেখিকা সমাজৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগতে তৃতীয় মধ্যকালীন অধিৱেশন অনুষ্ঠিত হ’ব। উক্ত দিনা পুৱা ৯-০০ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি পৰিব বিয়লি বিচিত্ৰ্য অনুষ্ঠানেৰে।

একেদৰে দিনৰ ১০-১৫ বজাত অসম লেখিকা সমাজৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলৰ উপস্থিতিত সতীৰ্থ সন্মিলন অনুষ্ঠিত হ’ব। আনহাতে ১-০০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব।

মুকলি সভাত অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মহীয়সী বঁটা, সাহিত্য সৌৰভ বঁটা, হাস্য- ব্যংগ শিল্পী বঁটা, সাহিত্য সম্পাদনা বঁটা আৰু সৃষ্টি বৈভৱ সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হ’ব। লগতে সমাজৰ মুখপত্ৰ “প্ৰজ্ঞা” উন্মোচন কৰা হ’ব।

পদুমী গগৈৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মনস্বিনী” আৰু ৩গৰাকী লেখিকাৰ ৩খন গ্ৰন্থও উন্মোচন কৰা হ’ব।

Also Read: তৈল নগৰী দুলীয়াজানৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা ২০২৪-২৫ বৰ্ষৰ যাত্ৰা...

assam lekhika samaj