ডিজিটেল ডেস্কঃ নলবাৰী ঘগ্রাপাৰ আৰক্ষীৰ কাণ্ডক লৈ সংবাদমেল সম্বোধন কৰে নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে। তেওঁ কয় যে, আৰক্ষী বিষয়া অলিন্দিতা গগৈৰ এজাহাৰ তদন্ত কৰাত সময় লাগিছে। অভিজ্ঞ ব্যক্তিৰ দ্বাৰা CCTVৰ ফুটেজ পৰীক্ষা কৰোৱা হ’ব।
এই সন্দৰ্ভত আদালতত আৱেদন কৰা হৈছে বুলিও জনাই আৰক্ষী বিষয়াগৰাকীয়ে। তেওঁ কয় যে, আদালতে তাৰিখ দিলে আমাৰ বিষয়াসকলক হাজিৰ কৰোৱা হ’ব। কিশোৰীগৰাকীক নিশা থানাত ৰখাটো ভুল হৈছে। কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰাটোও ভুল হৈছে। এজাহাৰত নাম নিদিয়াৰ বাবে বৰ্তমান পৰ্যন্ত কাকো নিলম্বিত কৰা হোৱা নাই বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি ঘটনাৰ উচিত তদন্ত হ'ব বুলি জনাইছে। ইয়াৰ পাছতে ঘগ্রাপাৰ থানাৰ কেইবাজনো আৰক্ষীক তলব কৰা হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ । আটাইকেইজনৰে সাক্ষ্য গ্রহণ কৰিব SP সুধাকৰ সিঙে।
উল্লেখ্য যে, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই (SI) এগৰাকী কিশোৰীক ২১ জুনৰ নিশা থানাৰ ভিতৰতে উলংগ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন হৈছিল।
এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰথানাত এক গোচৰ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পাছতে বুধবাৰে সমগ্ৰ ঘটনা ৰাজহুৱা হয় আৰু সমগ্ৰ নলবাৰীতে চাঞ্চল্য সৃষ্টি হয়।
কিশোৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁ সমগ্ৰ কথা ঘটনাৰ পাছদিনা এছ আই লিজা টায়ক কৈছিল যদিও কিশোৰীগৰাকীক ধমক দিছিল তেওঁ। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে আৰক্ষীয়ে।
Also Read: প্ৰেম বিবাহ হ'ল অপৰাধ! ভাতৃয়ে নৃশংসভাৱে হত্যা কৰিলে ভগ্নীক