অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কুমাৰ নৃপেন্দ্ৰ হালৈৰ দেহাৱসান

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কুমাৰ নৃপেন্দ্ৰ হালৈৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী কুমাৰ নৃপেন্দ্ৰ হালৈৰ দেহাৱসান

ডিজিটেল সংবাদ, দৌলাশালঃ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, আঞ্চলিকতাবাদী নেতা, লোক-সংস্কৃতিৰ একান্ত সাধক, অৱসৰী কৃতি শিক্ষক কুমাৰ নৃপেন্দ্ৰ হালৈৰ শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত জয়সাগৰ গাঁৱৰ সমাজহিতৈষী, মঞ্চ অভিনেতা, নাট্যকাৰ, অসম গণ পৰিষদৰ নেতা, ওজাশিল্পী, সৰল মনৰ অধিকাৰী কুমাৰ নৃপেন্দ্ৰ হালৈ (৭৯) ৰ মৃত্যুত বৰক্ষেত্ৰীত শোকৰ ছাঁ পৰিছে ৷

কিছুদিন ধৰি অসুস্থ হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কুমাৰ নৃপেন্দ্ৰ হালৈয়ে শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোঁৱালি লয় ৷ হালৈয়ে শিক্ষকতাৰ চাকৰি কৰি শৈক্ষিক ক্ষেত্ৰখনত জড়িত থকাৰ উপৰিও একেৰাহে সাহিত্য-সংস্কৃতিৰ লগত জড়িত থাকি সমাজ উত্তৰণৰ বাবে জীৱন সমৰ্পিত কৰিছিল ৷ আঞ্চলিকতাবাদী ধাৰাৰ প্ৰতি প্ৰৱল বিশ্বাসী কুমাৰ নৃপেন্দ্ৰ হালৈ অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ৷

লোক সংস্কৃতি ওজাপালিৰ একান্ত সাধক কুমাৰ নৃপেন্দ্ৰ হালৈয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা শিল্পী পেঞ্চন আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ মৃত্যুৰ পূৰ্বলৈকে ৰাজ্য চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এইগৰাকী বৰেণ্য শিল্পীক ২০১৮ চনত বৰক্ষেত্ৰী ব'হাগী উৎসৱ উদযাপন সমিতিয়ে "বৰক্ষেত্ৰী সাধনা" বঁটাও প্ৰদান কৰিছিল ৷ ২০০৬ চনত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰা কুমাৰ নৃপেন্দ্ৰ হালৈয়ে বিহামপুৰ চৰকাৰী চিনিয়ৰ বেচিক স্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷

কুমাৰ নৃপেন্দ্ৰ হালৈয়ে নাৰুৱাস্থিত লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, দাহুদি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হোৱাৰ উপৰি জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ বহুমুখী প্ৰতিভাৰ এইগৰাকী কুমাৰ নৃপেন্দ্ৰ হালৈয়ে যুগ ধৰ্ম, পঞ্চৰত্ন, বিশ্বাসঘাটক ইত্যাদি একাংকিকা নাট ৰচনা কৰাৰ উপৰি ভ্ৰাম্যমান থিয়েটাৰত মঞ্চস্থ ‘মদনমাষ্টৰ' নামৰ নাটখনো ৰচনা কৰিছিল ৷

“মইনামতীৰ যৌৱন" নামৰে এখন উপন্যাস লিখি পঢ়ুৱৈ সমাজক উপহাৰ দিছে কুমাৰ নৃপেন্দ্ৰ হালৈয়ে ৷ পাঞ্চলী সাহিত্যৰ “কৰ্ণবধ"ৰ ৰচক এইগৰাকী কুমাৰ নৃপেন্দ্ৰ হালৈ ৷ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ অত্যন্ত ঘনিষ্ঠ কুমাৰ নৃপেন্দ্ৰ হালৈয়ে অসম গণ পৰিষদ দলৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতিৰ পদতো অধিস্থিত আছিল ৷ তাৰোপৰি তেখেতে জয়সাগৰ সমাজ কল্যাণ সমিতিৰ একেৰাহে বহু বছৰ ধৰি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

খালিহাপাৰাস্থিত শংকৰদেৱ শিশু নিকেতন আৰু আদাট্টাৰী নৱৰাত্ৰি দুৰ্গা পূজা উদযাপন সমিতিৰ স'তেও ওতপ্ৰতভাৱে জড়িত আছিল নৃপেন্দ্ৰ হালৈ ৷ এইগৰাকী বৰেণ্য ব্যক্তিৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰিছে বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ লোক ৷ শনিবাৰে পুৱা চিকিৎসালয়ৰ পৰা কুমাৰ নৃপেন্দ্ৰ হালৈৰ নশ্বৰ দেহ তেখেতৰ বাসগৃহলৈ লৈ অহাত বাসগৃহত অজস্ৰ গুণমুগ্ধই উপস্থিত হৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

বহুপ্ৰতিভাৰ এইগৰাকী ব্যক্তিৰ মৃত্যুত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাকে প্ৰমুখ্য কৰি বৰক্ষেত্ৰী বিজেপি, অগপ, কংগ্ৰেছ, বৰক্ষেত্ৰী প্ৰেছ ক্লাৱ, বৰক্ষেত্ৰী নাট্য সন্মিলন, বিৰিণা গোষ্ঠী, অসমকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে ৷

কুমাৰ নৃপেন্দ্ৰ হালৈয়ে মৃত্যুৰ সময়ত পত্নী, ৩ পুত্ৰ-বোৱাৰী, ৪জনী জী, জোৱাই, নাতি-নাতিনীসহ আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷ দুপৰীয়াৰ ভাগত আত্মীয় স্বজন আৰু গুণমুগ্ধৰ উপস্থিতিত শেষ কৃত সম্পন্ন কৰা হয় ৷

Also Read: এছিয়াডত ইতিহাস : পেৰিছ অলিম্পিকলৈ 'লৌহকন্যা' লাভলীনা..

assam movement