Advertisment

বাবুল চন্দ্ৰ ডেকাক শিক্ষাব্ৰতী উমাচৰণ শীল স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান

টিহুত অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাবুল চন্দ্ৰ ডেকাক শিক্ষাব্ৰতী উমাচৰণ শীল স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান

author-image
Asomiya Pratidin
New Update
বাবুল চন্দ্ৰ ডেকাক শিক্ষাব্ৰতী উমাচৰণ শীল স্মাৰক জীৱনজোৰা সাধনা বঁটা প্ৰদান

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহু নগৰস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান জাতীয় বিদ্যালয়ত মঙলবাৰে উলহ-মালহেৰে ৬২ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদ্‌যাপন কৰা হয়। তদুপলক্ষে অনুষ্ঠিত এখন ভব্য় সভাত টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাবুল চন্দ্ৰ ডেকাক পঞ্চম বাৰ্ষিক শিক্ষাব্ৰতী উমাচৰণ শীল স্মাৰক জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয়।

Advertisment

বিদ্যালয়খনৰ ২০১৯ বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰদ্বাৰা ২০১৭ বৰ্ষৰপৰা দি অহা এই বঁটাটি প্ৰদান কৰে উমাচৰণ শীল স্মাৰক ন্যাসৰ হৈ পূৰ্ণিমা শীল, ধ্ৰুৱজ্যোতি কলিতা, ৰূপম শৰ্মা, ধৰণী ডেকা, নিৰঞ্জন দত্ত আৰু গিৰীন্দ্ৰনাথ শৰ্মাই। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত শিক্ষাব্ৰতী বাবুল চন্দ্ৰ ডেকাই টিহুৰ জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ এনে কৰ্মোদ্যমক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিদ্যালয়খন আৰু স্মাৰক ন্যাসৰ উত্তোৰত্তৰ উন্নতি কামনা কৰি তত্ত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

উল্লেখ্য যে উমাচৰণ শীল স্মাৰক ন্যাসৰ হৈ ধ্ৰুৱজ্যোতি কলিতাই প্ৰদান কৰা আদৰণী ভাষণত প্ৰতি বছৰে শিক্ষক দিৱসৰ দিনা টিহু মহকুমাৰ জ্যেষ্ঠ শিক্ষাব্ৰতীসকলৰ মাজৰপৰা একোগৰাকী বিশিষ্ট শিক্ষাব্ৰতীক বঁটা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা জ্যেষ্ঠ শিক্ষকবৃন্দৰদ্বাৰা মংগলদীপ জ্বলোৱা তথা ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰম্ভ কৰা সভাত বিভিন্ন ধৰণৰ মনপৰশা সংগীত, বক্তৃতানুষ্ঠান আদিৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলে। সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰণী ডেকাই পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা 'শিশু কবিতা' নামৰ হাতেলিখা কবিতা পুথি এখন উন্মোচন কৰে

Also Read: কেক কাটি ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ শিক্ষক দিৱস উদযাপন