সাৰ্বজনীন বিহামপুৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শৰ্বাণী" উন্মোচন

সময়ক বান্ধি ৰাখিব পাৰে গ্ৰন্থই : ধ্ৰুৱজ্যোতি শৰ্মা

author-image
Asomiya Pratidin
New Update
সাৰ্বজনীন বিহামপুৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শৰ্বাণী" উন্মোচন

ডিজিটেল সংবাদ,নলবাৰী : সময়ক বান্ধি ৰাখিব পাৰে কেৱলমাত্ৰ গ্ৰন্থই । ইয়াৰ ব্যতিৰেকে কোনো শক্তিয়ে সময়ৰ বেগী ঘোঁৰাটোক স্তব্ধ কৰিব নোৱাৰে। বিধাতাৰ অনুপম সৃষ্টি এই গ্ৰন্থ । যিয়ে মানৱক আন্ধাৰৰ পৰা পোহৰলৈ লৈ আহে । নিশা পশ্চিম নলবাৰীৰ বিহামপুৰৰ বৃহত্তম সাৰ্বজনীন দুৰ্গা পূজাৰ মুখপত্ৰ " শৰ্বাণী" উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ, সাহিত্যিক তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই।

বিশিষ্ট সমাজকৰ্মী, দুৰ্গা পূজা সমিতিৰ সভাপতি দেৱ বৰপূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সুবক্তা শৰ্মাই আকৌ কয় যে শাক্ত, শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ ঐতিহ্য অসমত তাহানিৰ দিনৰ পৰাই উজ্জ্বল। ৰজা নৰকাসুৰৰ দিনৰ পৰাই অসমত শক্তি পূজাৰ প্ৰচলন আছিল।

পিতৃ বিষ্ণুৰ পৰামৰ্শ অনুসৰি নৰকে কামাখ্যা দেৱীৰ আৰাধনা কৰিছিল। পৰৱৰ্তী সময়ত আহোম ৰজা প্ৰতাপ সিংহৰ শাসনকালত দুৰ্গা পূজাৰ প্ৰাৰম্ভ আৰু প্ৰসাৰ হৈছিল। মূলতঃ কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰই শাক্ত ধৰ্মৰ ঐতিহ্য সমৃদ্ধিশালী কৰে বুলিও শৰ্মাই মন্তব্য কৰে।

ডঃ নৃপেন তালুকদাৰ আৰু ভবেন বৰ্মনে ক্ৰমে আঁত ধৰা আৰু উদ্দেশ্যে বাখ্যা কৰা সভাখনত পূজাৰ মুখ্য বন্তি প্ৰজ্বলক ৰূপে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকায়ো উপস্থিত থাকি ভাষণ প্ৰদান কৰে । আই, এ , এছ বিষয়া ডেকাই দুৰ্গা পূজাৰ চৰকাৰী বিধিসন্মত নিয়মসমূহৰ কথাখিনি উল্লেখ কৰাৰ লগতে কয় - এনে ধৰণৰ অনুষ্ঠানে মানুহৰ মনৰ কলুষিতা দূৰ কৰাৰ উপৰিও প্ৰীতিৰ এনাজৰী কটকটীয়া কৰে।

উন্মোচনী সভাত নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, উদ্যোগী দিপুল শৰ্মা, অধ্যাপক নগেন তালুকদাৰ, ডঃ নৱ ডেকা, আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Also Read: এখন নহয়, একেৰাহে দুখন মেচত জয়ী হৈ শৃংখলা দখল টীম ইণ্ডিয়াৰ

durga puja