নলবাৰীত সাহিত্যসেৱক বীৰেন্দ্ৰ নাথ বৰ্মনৰ স্মৃতিচাৰণ সভা

নলবাৰীত সাহিত্যসেৱক বীৰেন্দ্ৰ নাথ বৰ্মনৰ স্মৃতিচাৰণ সভা
Published on
Updated on

ডিজিটেল সংবাদ,নলবাৰী : 'মানৱীয় মহত্বৰে গুণীজন প্ৰতিনিতে স্মৰণীয় হয় সমাজ আৰু গুণমুগ্ধৰ দ্বাৰা। তেওঁলোকে অজস্ৰজনৰ বুকুত ঘৰ সাজি গুচি যায় অজান দেশলৈ। কিন্তু সেই ব্যক্তিৰ উমাল সান্নিধ্য‌‌‌ সজীৱ হৈ থাকে কালৰ পৰা কাললৈ।'

এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাৰ । সোমবাৰে নলবাৰীৰ বানেকুছি-ডাঙুৱাপাৰাত অসম সাহিত্য সভাৰ সক্ৰিয় শাখা, আঞ্চলিক শাখা সাহিত্য সভা, বানেকুছিৰ উদ্যোগত সাহিত্য সেৱক বীৰেন্দ্ৰ নাথ বৰ্মনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

সভাত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰি শৰ্মাই কয় সাহিত্য সভাৰ প্ৰতিগৰাকী আজীৱন সভ্য জাতীয় জীৱনৰ মহাসৌধ নিৰ্মাণৰ অংশীদাৰ। অসমীয়া ভাষাৰ প্ৰাণপ্ৰতিমা প্ৰতিষ্ঠাত প্ৰয়াত বীৰেন্দ্ৰ নাথ বৰ্মনৰ দৰে সাহিত্য সভাৰ আজীৱন সভ্যসকলে জনোৱা অৱদানৰ কথা এদিন ইতিহাসে শ্ৰদ্ধাৰে সুঁৱৰিব ।

শাখা সভাৰ সভাপতি কনক চন্দ্ৰ বৰ্মনে পৌৰাহিত্য কৰা সভাখনত অসম সাহিত্য সভাৰ ৰামধেনু আহ্বায়ক অজিত প্ৰসাদ শৰ্মাই ভাষণত কয় মানুহ সামাজিক হ'ব লাগে কিয়নো সামাজিক দায়বদ্ধ ব্যক্তিক সমাজে সদায় ভক্তি কৰে, শ্ৰদ্ধা কৰে। তেওঁলোকে সদায়েই সমাজৰ বিকাশ বিস্তাৰৰ বাবে সমৰ্পিত ভাৱনাৰে কাম কৰে ।

আন এগৰাকী বক্তা অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতাই বীৰেন্দ্ৰ নাথ বৰ্মনৰ কৰ্তব্যনিষ্ঠা আৰু মহানতাৰ কথা উল্লেখ কৰে । শিক্ষাব্ৰতী অজিত কুমাৰ ডেকাই আঁত ধৰা আৰু উদ্দেশ্যে বাখ্যা কৰা সভাখনত আন এগৰাকী বিশিষ্ট অতিথি প্ৰাক্তন ছাত্ৰ নেতা কেশৱ ডেকাই প্ৰয়াত বৰ্মনৰ বদান্যতাৰ দিশটো আঙুলিয়াই অঞ্চলৰ দুখীয়া ল'ৰা-ছোৱালীক কৰা সহায়ৰ কথা উল্লেখ কৰে ।

ইয়াৰ আগেয়ে পুণ্যাত্মাৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰে সহধৰ্মিণী নীলিমা বৰ্মনে , বন্তি প্ৰজ্বলন কৰে সহোদৰ গিৰীন্দ্ৰ বৰ্মন তথা কৃষ্ণকান্ত বৰ্মনে।

নলবাৰীত সাহিত্যসেৱক বীৰেন্দ্ৰ নাথ বৰ্মনৰ স্মৃতিচাৰণ সভা
দেবুলাল গাৰ্লোছাৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণৰ দাবীত ৰাজীৱ ভৱনত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in