ডিজিটেল সংবাদ দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰস্থিত পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায়ৰ কাৰ্যালয়ত মঙ্গলবাৰে ৭০ সংখ্যক নিখিল ভাৰত সমবায় সপ্তাহ উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভনি কৰা হয় ৷ নলবাৰী জিলা বহুমুখী সমবায় সমিতি সন্থাৰ উদ্যোগত আৰু পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটেডৰ সহযোগত ৭০ সংখ্যক নিখিল ভাৰত সমবায় সপ্তাহ উদযাপন কৰা হয় ৷
শিশু দিৱস আৰু মামনি ৰয়চম গোস্বামীৰ জন্মদিনটোৰ দিনৰ পৰা ৭ দিনীয়াকৈ উদযাপন কৰা সমবায় সপ্তাহ উপলক্ষে মঙ্গলবাৰে পুৱা পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটেডৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰে সমবায়ৰ সভাপতি কামেজ আলীয়ে ৷
তাৰ পিছতে সমবায়ৰ সভাকক্ষত নলবাৰী জিলা বহুমুখী সমবায় সন্থাৰ সভাপতি কাশিৰাম তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা ৷ পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতি লিমিটেডৰ সচিব ছহিদ আলী আহমেদে আঁত ধৰা আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰা সভাখনত নলবাৰী জিলাৰ ২৫খনকৈ বহুমুখী সমবায় সমিতিৰ সভাপতি -সম্পাদকসকল উপস্থিত থাকে ৷
সপ্তাহজুৰি উদযাপন কৰা সমবায় সপ্তাহৰ প্ৰথম দিনাৰ আলোচ্য বিষয় মৰ্মে “শেহতীয়ভাবে সমবায় খণ্ডত বিকাশ" সন্দৰ্ভত আলোচনা আগবঢ়ায় নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাই ৷
মুকলি সভাৰ আৰম্ভনিতে পশ্চিম বৰক্ষেত্ৰী আদৰ্শ বহুমুখী সমবায় সমিতিৰ প্ৰাক্তন সভাপতি আলেখ আলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৌন প্ৰাৰ্থনা কৰে ৷ মুকলি সভাত নলবাৰী পৌৰ সভাৰ উপ-সভাপতি ড° ৰবীন দাস, নলবাৰী সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া ফাইজুৰ ৰহমান চৌধুৰী, খাঁটা মৌজা বহুমুখী সমবায় সমিতিৰ সভাপতি কনক বৰ্মন, নতুন দেহৰ বহুমুখী সমবায় সমিতিৰ সভাপতি ভূপেন তালুকদাৰ, নামবৰভাগ বহুমুখী সমবায় সমিতিৰ সভাপতি মনিৰাম হালৈয়ে সভাত উপস্থিত থাকি সমবায় সপ্তাহত আৰু সমবায়ৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ সম্পৰ্কত ভাষণ প্ৰদান কৰে ৷
সভাত নলবাৰী জিলা বহুমুখী সমবায় সমিতি সন্থাৰ আগন্তক পাঁচ বছৰৰ বাবে নতুনকৈ পোন্ধৰজনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় ৷ সভাই আগন্তুক পাঁচ বছৰৰ বাবে অশোক শৰ্মা আৰু কাশিৰাম তালুকদাৰক মুখ্য উপদেষ্টা, মনিৰাম হালৈ, কনক বৰ্মনক উপদেষ্টা, ভূপেন তালুকদাৰক সভাপতি, কাৰ্যকৰী সভাপতি কামেজ আলী, উপ-সভাপতি হিচাপে ড° ৰবীন দাস, ফিৰোদুৰ ৰহমান, সম্পাদক ছহিদ আলী আহমেদ, শুক্লেশ্বৰ তালুকদাৰ আৰু ভবেশ ৰাজবংশীক সহঃ সম্পাদক হিচাপে লৈ ১৫ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে ৷
৭ দিনীয়াকৈ উদযাপন কৰা ৭০ সংখ্যক নিখিল ভাৰত সমবায় সপ্তাহৰ শেষৰখন সভা বতাগিলা বহুমুখী সমবায় সমিতিত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে নলবাৰী জিলা বহুমুখী সমবায় সমিতিৰ সম্পাদক ছহিদ আলী আহমেদে ৷
Also Read: প্ৰকৃতি-প্ৰেমৰ ব্যতিক্ৰমী নিদৰ্শনঃ ৰাইজে উদযাপন কৰিলে এজোপা গছৰ ওপজা দিন..