নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ...

"অসমত মথাউৰি পকীকৰণৰ বৃহৎ আঁচনি লোৱা হৈছে। ফলত মথাউৰি সংৰক্ষণ হোৱাৰ লগতে জনসাধাৰণৰ যাত্ৰা পথ চুটি হৈ পৰিব।"

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ...

প্ৰতিদিন সংবাদ, নলবাৰীঃ "অসমত মথাউৰি পকীকৰণৰ বৃহৎ আঁচনি লোৱা হৈছে। ফলত মথাউৰি সংৰক্ষণ হোৱাৰ লগতে জনসাধাৰণৰ যাত্ৰা পথ চুটি হৈ পৰিব।"- এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ। নলবাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত সভাত জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ আৰু নিৰ্মল পানী যোগানৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, "বিশুদ্ধ পানী সেৱন কৰি মানুহে অসুখৰ পৰা পৰিত্ৰাণ পাব পাৰে। সেয়ে প্ৰতিঘৰত ৫৫ লিটাৰকৈ পানী যোগানৰ ব্যৱস্থা কৰা হৈছে। এইক্ষেত্ৰত পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ হৈছে।"

স্বাধীনতাৰ সাতটা দশকলৈ কোনেও এনে চিন্তা কৰা নাছিল বুলি উল্লেখ কয় যে, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই চিন্তা কৰিছে।" লগতে চিকিৎসক, শিক্ষক, ঠিকাদাৰ সকলোৱে কামৰ লগত আধ্যাত্মিকতা যোগ দি ল'ব লাগে। মন্ত্ৰী, বিধায়কে নিজৰ পদবীটো লাভজনক কাম বুলি ভাবে বুলিও তেওঁ কয়। মন্ত্ৰী বিধায়ককো কামৰ লগত আধ্যাত্মিকতা যোগ কৰি ল'বলৈ মুখ্যমন্ত্ৰী শৰ্মাই পৰামৰ্শ প্ৰদান কৰে।

তীৰ্থ অপবিত্ৰ নকৰাৰ দৰে বিকাশৰ তীৰ্থস্থান কোনেও অপবিত্ৰ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। এতিয়ালৈ ৩০-৩৫ লাখ পৰিয়ালক জলজীৱনৰ পানী দিয়া বুলি তেওঁ দাবী কৰে। আনহাতে অহা অক্টোবৰৰ ভিতৰত ৪০ লাখ লোকৰ ঘৰত ৰেচন কাৰ্ড দিব বুলিও আজিৰ সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে বিনামূলীয়া সাহায্য লাভ কৰিব পাৰিব।

তদুপৰি পুনৰ ৭ লাখ পৰিয়ালক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব। অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১৪শ টকালৈকে বৃদ্ধি কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে। সেইদৰে আৰু ২২ হেজাৰ চাকৰিৰ বিজ্ঞাপন জুলাই-আগষ্টত ওলাব বুলি জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই।

সোমবাৰৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, জয়ন্তমল্ল বৰুৱা, নন্দিতা গাৰ্লোছা, সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আদি উপস্থিত থাকে। উল্লেখনীয় যে আজি কেন্দ্রীয় পথ পুঁজি শিতানৰ অধীনত ২০১৬-১৭ বর্ষৰ বাবে নলবাৰী-ধমধমা পথত নির্মিত দুই লেণ্ডযুক্ত উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই।

মুঠ ৪৭.০৫ কোটি টকা ব্যয় সাপেক্ষে আৰু ৪৬৭.২৪ মিটাৰ দৈর্ঘ্যৰ 'প্রজ্ঞা সেতু' নামকৰণ কৰা এই সেতুখন শ্রীশ্রী হৰিমন্দিৰৰ সমীপত, পূৰ্বোত্তৰ সীমান্ত ৰে'লৱেৰ ৰে'লপথৰ ওপৰত নির্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাৰ চৰণ ধুৱাই নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় ভৱনটোও উদ্বোধন কৰে।

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, "ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্য-কৰ্তাৰ বাবে দলীয় কাৰ্যালয়সমূহ মন্দিৰ সদৃশ। এই কাৰ্যালয় ভৱনটোৱে বিজেপিক জনসাধাৰণলৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ লগতে দলীয় কাম-কাজসমূহ সূচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব।"

সেইদৰে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্রমা বিভাগ(কাৰিকৰী শাখা)-এ নলবাৰীৰ গৰ্ডন হাইস্কুল খেলপথাৰত নির্মাণ কৰিবলগীয়া এহেজাৰ আসনযুক্ত নলবাৰী নগৰ প্রেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। পিছত চৰকাৰী গর্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাৰ পৰাই মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই ভার্চুৱেল পদ্ধতিৰে 'মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনি', 'মুখ্যমন্ত্রীৰ পকী পথ নৱীকৰণ আঁচনি' আৰু 'মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনি'ৰ অন্তর্গত কেইবাটাও পথৰ প্রকল্পৰ শিলান্যাস কৰে। লগতে ৩৮ কোটি টকা ব্যয় সাপেক্ষে এ আই আই বি-ৰ অধীনত ৪টা শক্তি প্রকল্পৰো ভার্চুৱেল শিলান্যাস কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম চৰকাৰৰ 'কোচ-ৰাজবংশী উন্নয়ন পৰিষদ'ৰ পুঁজিৰ অধীনত নলবাৰী জিলাৰ বৰকুছি, মিলনপুৰত নিৰ্মাণ হ'ব লগা চিলাৰায় ভৱন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰে।

Also Read: ডিমা হাছাওত লাগে এটা লোকসভা আৰু দুটা বিধানসভা সমষ্টিঃ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ স্মাৰক পত্ৰ...