৬৪ টা মৃৎ শিল্পীৰ পৰিয়ালৰ ১০ লাখ মাটিৰ চাকি নিৰ্মাণৰ সংকল্প...

নলবাৰীৰ কুলবিল হীৰাপাৰা, চৰিয়া আদি গাঁৱত তীব্ৰ ব্যস্ততা
৬৪ টা মৃৎ শিল্পীৰ পৰিয়ালৰ ১০ লাখ মাটিৰ চাকি নিৰ্মাণৰ সংকল্প...
৬৪ টা মৃৎ শিল্পীৰ পৰিয়ালৰ ১০ লাখ মাটিৰ চাকি নিৰ্মাণৰ সংকল্প...
Published on
Updated on

ডিজিটেল সংবাদ চামতাঃ পোহৰৰ উৎসৱ দেৱালী সমাগত। সেয়েহে এতিয়া মানুহৰ ঘৰ, পদুলি তথা ধৰিত্ৰীৰ বুকু পোহৰাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ কুলবিল হীৰাপাৰা, চৰিয়া আদি গাঁৱৰ মৃৎ শিল্পীৰ পৰিয়ালসমূহে দিন-ৰাতি একাকাৰ কৰি থলুৱাভাৱে নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে লাখ লাখ মাটিৰ চাকি।

পশ্চিম নলবাৰীৰ কুলবিল-হীৰাপাৰা গাঁৱৰ ৬৪ টা মৃৎ শিল্পীৰ পৰিয়ালে ১০ লাখ মাটিৰ চাকি নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰিছে। এওঁলোকে প্ৰতিদিনে তৈয়াৰ কৰি উলিয়াইছে হাজাৰ হাজাৰ মাটিৰ চাকি। লগতে ধূনাদানী, মাটিৰ চৰু টেকেলি আৰু গছ বোমাৰ খোলা।

থলুৱা ভাৱে তৈয়াৰ কৰা মাটিৰ চাকিসমূহ এওঁলোকে খুচুৰা আৰু পাইকাৰী হাৰত অৰ্ধ সাপ্তাহিক নদলা বজাৰ, চামতাৰ দৈনিক বজাৰ, বৰমা বজাৰ, কৈঠাল কুছি আদিকে ধৰি বিভিন্ন বজাৰত বিক্ৰী কৰা আৰম্ভ কৰিছে। সেইদৰে জিলাখনৰ চৰিয়া গাঁৱৰ ৪৭ টা মৃৎ শিল্পীৰ পৰিয়ালেও দৈনিক হাতেৰে আৰু "চাক'ত মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে।

এই গাঁওখনৰ মৃৎ শিল্পীৰ পৰিয়ালে পোহৰৰ উৎসৱ উপলক্ষে ৫ লাখ মাটিৰ চাকি তৈয়াৰ কৰি উলিয়াব। এওঁলোকে আৰিকুছি বজাৰ,বিজুলীঘাট,মৰোৱা বজাৰকে ধৰি নলবাৰী আৰু গুৱাহাটীৰ বজাৰতো মাটিৰ চাকি বিক্ৰী কৰিব বুলি জানিব দিছে।

মনকৰিবলগীয়া যে মৃৎ শিল্পৰে জড়িত এই গাঁও কেইখনৰ লোক কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ। পূৰ্বৰ পৰম্পৰা আজিও ধৰি ৰাখি তেওঁলোকে মাটিৰ সা-সৰঞ্জাম তৈয়াৰ কৰিব লগা হৈছে জীৱনৰ কঠিন সংগ্ৰামৰ মাজেৰে। মাটিৰ সা-সৰঞ্জাম ব্যৱহাৰ কৰিবলৈ সম্প্ৰতি এঠাল মাটিৰ নাটনি।

এওলোকে চৰা দামত উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা ক্ৰয় কৰিব লগা হৈছে। যাৰ বাবে তেওঁলোকৰ অৰ্থনৈতিক কাঠামো ভাঙি গৈছে। অসম চৰকাৰৰ পৰা গৰিষ্ঠ সংখ্যক মৃৎ শিল্পীৰ পৰিয়ালে এতিয়ালৈ আৰ্থিক সাহায্য নোপোৱাত এই উদ্যোগ বন্ধ হোৱাৰ পথত।

তথাপিও জীৱিকাৰ তাড়নাত এওঁলোকে এৰি দিয়া নাই নিজৰ বৃত্তি। কাৰণ এওলোকৰ সপোন দীপাৱলীৰ সময়ত থলুৱা ভাৱে নিৰ্মিত মাটিৰ চাকিৰ পোহৰেৰে আলোকিত হৈ থাকক ধৰিত্ৰীৰ বুকু।

উল্লেখযোগ্য এনে এক সময়তে চীনা সামগ্ৰীৰে ভৰি পৰে বজাৰ। গতিকে চীনা সামগ্ৰী পৰিহাৰ কৰি থলুৱা ভাৱে তৈয়াৰী মাটিৰ চাকি ব্যৱহাৰ কৰি পোহৰ বিলাবলৈ কুলবিল- হীৰা পাৰা আৰু চৰিয়া গাঁৱৰ মৃৎ শিল্পীসকলে ৰাইজক আহ্বান জনাইছে।

৬৪ টা মৃৎ শিল্পীৰ পৰিয়ালৰ ১০ লাখ মাটিৰ চাকি নিৰ্মাণৰ সংকল্প...
৯ নৱেম্বৰৰ পৰা তিনি দিনীয়াকৈ বিদ্যা দ্য লিভিং স্কুলত অসম ভিত্তিত চুটি নাট সমাৰোহ আৰু প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in