ডিজিটেল ডেস্কঃ অগপৰ প্ৰতিষ্ঠাপক নেতা, তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । প্ৰাক্তন নেতাগৰাকী কেইবা বছৰ ধৰি বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছে। সম্প্ৰতি ৰঙিয়াৰ স্বস্তি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বৰ্ষীয়ান নেতাগৰাকী । শনিবাৰে প্ৰাক্তন নেতাগৰাকীক চিকিৎসালয়ত সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু অগপৰ নেতা অতুল বৰাই ।
প্ৰাক্তন নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ প্ৰয়োজনীয় সকলো চিকিৎসা সম্বন্ধীয় সা-সুবিধা প্ৰদানৰ বাবে আশ্বাস প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উন্নত চিকিৎসাৰ বাবে থানেশ্বৰ বড়োক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰো পৰামৰ্শ প্ৰদান কৰে প্ৰাক্তন নেতাগৰাকীৰ পৰিয়াল বৰ্গক।
Also Read: পশ্চিমবংগত অব্যাহত নিৰ্বাচনী হিংসাঃ বৰ্তমানলৈ মৃত্যু ১৬ জনৰ...