নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...

নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...
নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম আৰক্ষী আৰু বিতৰ্ক এটাৰ আনটোৰ যেন পৰিপূৰক। এটাৰ পাছত আন এটাকৈ বিতৰ্কই বেৰি ধৰা অসম আৰক্ষীক পুনৰ লজ্জানত কৰিলে নলবাৰীৰ ঘগ্ৰাপাৰ থানাই। এই আৰক্ষী থানাখনত এগৰাকী যুৱতীক আৰক্ষীয়ে থানাৰ ভিতৰতে নগ্ন কৰি ফটো উঠোৱাৰ দৰে জঘণ্য ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে যোৱা ২৬ জুনতে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু এই এজাহাৰ সন্দৰ্ভত আজি পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰি ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলিহে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি কিছুদিন পূর্বে নলবাৰী জিলাৰ উক্ত ভুক্তভোগী কিশোৰীগৰাকীক এজন যুৱকে পলুৱাই নিছিল। পিচত দুয়োজনকে নলবাৰী আৰক্ষীয়ে ধৰা পেলাই ঘগ্ৰাপাৰ থানাত চমজাই দিয়ে। নিশা দুয়োকে ঘগ্ৰাপাৰ থানাত ৰখা হয়।

এজাহাৰত উল্লেখ কৰা অনুসৰি থানাত সাধাৰণ পোছাকত থকা আৰক্ষী বিষয়া এগৰাকীয়ে কিশোৰীগৰাকীক উলংগ কৰি ফটো তোলাৰ লগতে অশ্লীল ইংগিতো দিয়ে। লিজা টায়ে নামৰ এগৰাকী আৰক্ষী বিষয়াই এই সমগ্ৰ ঘটনাটো অৱগত বুলিও কিশোৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে।

পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াগৰাকীয়ে এই বিষয়ত মুখ নুখুলিবলৈ উক্ত কিশোৰীগৰাকীক ভাবুকি দিয়ে। আনকি শিশু কল্যাণ সমিতিৰ ওচৰত হাজিৰ কৰোৱাত শিশু কল্যাণসমিতিৰ বিষয়ববীয়ায়ো এই বিষয়টোত মুখ বন্ধ ৰাখিবলৈ কিশোৰীগৰাকীক ধমক দিয়া বুলি এজাহাৰত উল্লেখ কৰিছে।

তদুপৰি কিশোৰীগৰাকীৰ মোবাইল ফোনটোও থানাতে ৰাখি থোৱা বুলি উল্লেখ কৰা হৈছে এজাহাৰত। বুধবাৰে এই এজাহাৰখনৰ বিষয়টো ৰাজহুৱা হোৱাত নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উক্ত এজাহাৰখন সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ জিলাখনৰ ৰাইজে আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষক দাবী জনাইছে। উল্লেখ্য যে, নলবাৰী জিলাত আৰক্ষীৰ কেতবোৰ কৰ্মকাণ্ডই জনসাধাৰণক অতিষ্ঠ কৰি আহিছে।

কিছুদিন পূৰ্বে জিলাখনৰ টিহু থানাৰ অন্তৰ্গত নাথকুছিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে দাবী কৰা ধন নিদিয়া বাবেই এগৰাকী ট্রাকচালকক নির্মমভাৱে প্ৰহাৰ কৰিছিল। ইয়াৰ পিচদিনা স্থানীয় ৰাইজৰ লগতে ট্রাকচালকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত বাধ্য হৈ নলবাৰীৰ আৰক্ষী অধীক্ষকে দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল।

জিলাখনত আৰক্ষীৰ বিৰুদ্ধে সময়ে সময়ে উত্থাপন হৈ অহা এনেধৰণৰ অভিযোগে অকল অসম আৰক্ষীকে নহয়, সভ্য সমাজকো লজ্জানত কৰিছে।

নলবাৰীত আৰক্ষী থানাৰ ভিতৰতে নগ্ন কৰি ফটো তুলিলে কিশোৰীৰ...
আইচক্ৰীমৰ নামত কাজিৰঙাত বৰবিহ বিক্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in