ডিজিটেল ডেস্ক : নলবাৰীত আৰক্ষীৰ জঘন্য কাণ্ড। খাকী পোচাকাৰ আঁৰত লম্পট আৰক্ষী বিষয়া। ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী চৰিত্ৰহীন আৰক্ষী বিষয়াৰ নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী।
কিছুদিন পূৰ্বে ঘগ্ৰাপাৰ থানাত এই জঘন্য কাণ্ড সংঘটিত হৈছিল। কিশোৰীগৰাকীক এখন-এখনকৈ কাপোৰ খুলিবলৈ ভাবুকি দিছিল উপ-পৰিদৰ্শকগৰাকীয়ে। ইয়াৰ পিচতে তেওঁ ম'বাইলেৰে ফটো উঠাইছিল উলংগ অৱস্থাত থকা কিশোৰীগৰাকীৰ।
এই নিৰ্লজ্জ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে হৈছে প্ৰতিক্ৰিয়া। এনেবোৰ ঘটনাৰ মাজতে বৃহস্পতিবাৰে ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰে। বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।
সম্প্ৰতি আৰক্ষী বিষয়া বিমান ৰয় পলাতক অৱস্থাত আছে। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে, পলাতক অৱস্থাত থকা বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ'ব।
উল্লেখ্য যে, ভুক্তভোগী কিশোৰীগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰথমে উপ-পৰিদৰ্শক লিজা টায়েক জনাইছিল যদিও টায়ে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰিছিল। ৰক্ষকে যেতিয়া ভক্ষক হয় তেনেহ'ল জনতাই কাক বিশ্বাস কৰিব ? আৰক্ষী বিভাগৰ এনে কৰ্ম-কাণ্ডকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Also Read: ধিক্কাৰ অসম আৰক্ষী! মুখ নুখুলিবলৈ SI লিজা টায়ে কিশোৰীক দিছিল ধমক