ডিজিটেল ডেস্কঃ ৰাইজলৰ দলৰ নলবাৰী জিলাৰ সভাপতি তথা দলটোৰ অন্যতম মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তীয়ে লাভ কৰিলে জামিন। ২০০৭ চনৰ এক গোচৰ সন্দৰ্ভত বৃহস্পতিবাৰে নিশা শুই থকাৰ সময়ত বিচনাৰ পৰাই নলাবীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
দলটোৰ কৰ্মীসকলৰ লগতে জিলাখনৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকে চক্ৰৱৰ্তীক আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। কিয়নো বিগত কিছুদিন ধৰি তেওঁ নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসমাৰিক চিকিৎসালয়খন স্থানান্তৰৰ বিৰুদ্ধে মাত মাতি অহাৰ লগতে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।
ইয়াৰোপৰি পৰি তেওঁ বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে তীক্ষ্ণ সমালোচনা অব্যাহত ৰাখিছিল।
Also Read: সোণেশ্বৰ নৰহক মাজনিশা থানাৰ পৰা ফোন কৰি মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া....