মুকালমুৱাত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু

মুকালমুৱাত বিদ্যুৎপৃষ্ট হৈ মহিলাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
বিদ্যুৎপৃষ্ট হৈ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

ডিজিটেল সংবাদ, বৰক্ষেত্ৰীঃ মুকালমুৱাত ৪নং বৰতলাত অঘটন। বিদ্যুৎপৃষ্ট হৈ মৃত্যু এগৰাকী মহিলাৰ। মৃত হোৱা মহিলা গৰাকীৰ নাম মৰমী দাস। নিজ গৃহতে লাইটৰ চুইটচ বন্ধ কৰোতে বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হয় মহিলা গৰাকীৰ।

জানিব পৰা মতে, অঞ্চলটোৰ ট্ৰেঞ্চফৰটোত চৰ্ত-চাৰ্কিট হৈ জুই জ্বলি আছিল। সেই সময়তে মহিলা গৰাকীয়ে ঘৰত লাইটৰ চুইটচ বন্ধ কৰিব গৈছিল। তাৰ পিছতেই বিদ্যুৎপৃষ্ট হৈ মহিলা গৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মহিলা গৰাকীৰ মৃতদেহ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয়। পৰৱৰ্তী সময়ত মৃতদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে, গাওঁখনত থকা ট্ৰেঞ্চফৰমাৰটো পূৰ্বতেও চৰ্ত-চাৰ্কিট হৈছিল। বিদ্যুৎ বিভাগক বাৰম্বাৰ কোৱাৰ পিছতো বিভাগে কোনো গুৰুত্ব নিদিয়াৰ ফলতেই বৃহস্পতিবাৰে মহিলা গৰাকীয়ে এনে কৰুণ মৃত্যুক আঁকোৱালি লবলগীয়া হ'ল অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৰ লোকসকলে।

Also Read: 'সাহস'ৰ উদ্যোগত ক্ৰীড়া ফেল'শ্বিপ প্ৰদান

POWER DEPARTMENT OF ASSSAM