৫দিনীয়া কাৰ্য্যসূচীৰে দিহজাৰীত লক্ষ্মী পূজাৰ আয়োজন

৫দিনীয়া কাৰ্য্যসূচীৰে দিহজাৰীত লক্ষ্মী পূজাৰ আয়োজন

Published on

ডিজিটেল ডেস্ক : 'ঔঁ বিশ্বৰূপস্য ভাৰ্যাসি,পদ্মে পদ্মালয়ে শুভে। সৰ্বত্ৰ পাহি মাং দেৱী মহালক্ষ্মী নমোহস্তুতে।।' আজি লক্ষ্মী দেৱীৰ পূজা। ৰাজ্যজুৰি পালন কৰা হ'ব লক্ষ্মী পূজা।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহজাৰীতো চলিছে লক্ষ্মী পূজাৰ ব্যাপক আয়োজন। ইতিমধ্যে দিহজাৰীৰ ৫৪ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ বাবে ৫মাহ পূৰ্বে গঠন কৰা হৈছে এখন শক্তিশালী উদযাপন সমিতি।

গীৰেণ বৰ্মন সভাপতি,ভনেশ্বৰ বৰ্মন উপ-সভাপতি,হিতেশ ৰাজবংশী সম্পাদক,কৈলাশ বৰ্মন আৰু বৈকুণ্ঠ বনজিতক সহকাৰী সম্পাদক হিচাপেলৈ এই সমিতিখন গঠন কৰা হৈছিল। উদযাপন সমিতিয়ে জনোৱা অনুসৰি পূৰ্বৰ দৰে এইবাৰো ৫দিনীয়া কাৰ্য্যসূচীৰে লক্ষ্মী পূজা পালন কৰা হ'ব।

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি দিনৰ ভাগত কেৰম প্ৰতিযোগিতা,খেল-ধেমালি,সন্ধিয়া লক্ষ্মী দেৱীৰ পূজা, ওজাপালি পৰিৱেশন। ইয়াৰ পিছতে কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে অসমৰ সাহিত্য,সংস্কৃতি তথা বৌদ্ধিক ক্ষেত্ৰৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক। তাৰপিছতে নিশা প্ৰসাদ আৰু মহাভোগ বিতৰণ কৰা হ'ব।

দ্বিতীয় দিনা দিহানাম আৰু মহিলা নাগাৰ নাম পৰিৱেশন। তৃতীয় দিনা অসমীয়া আধুনীক গীত আৰু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চতুৰ্থ দিনা মহেশ ডেকা আৰু তৰুণ কাকতিয়ে নাগাৰা নাম পৰিৱেশন কৰিব।

অন্তিম তথা পঞ্চম দিনাৰ অন্যতম কাৰ্য্যসূচী মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা আৰু সন্ধিয়া জনপ্ৰিয় শিল্পী ৰিংকু প্ৰিয়মৰ সংগীতানুষ্ঠান। এই আটাইবোৰ কাৰ্য্যসূচীতে উদযাপন সমিতিয়ে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

উল্লেখ্য যে ১৯৬৯ চনত প্ৰতিষ্ঠা হোৱা দিহজাৰীৰ লক্ষ্মী মন্দিৰে ২০১৯ বৰ্ষত পালন কৰিছিল সোণালী জয়ন্তী।

৫দিনীয়া কাৰ্য্যসূচীৰে দিহজাৰীত লক্ষ্মী পূজাৰ আয়োজন
ভাৰত-বাংলাদেশ সীমান্তত স্থল-জলপথ সকলোতে পহৰা ব্যৱস্থা শক্তিশালী কৰিছে বি এছ এফে
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in