ডিজিটেল সংবাদ,মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত দমদমা মধ্য ইংৰাজী বিদ্যালয়ত বুধবাৰে এটি পুথিভঁৰাল মুকলি কৰা হয় ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী সচেতন ব্যক্তিৰ উপস্থিতিত পুথিভঁৰালটো মুকলি কৰে প্ৰগতিশীল লেখক তথা বৰক্ষেত্ৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষক পৰীক্ষিত বৈশ্যই ৷
অনুষ্ঠানটিৰ আঁত ধৰে দমদমা মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মন্টু বৰ্মনে। এই অনুষ্ঠানতে হাতেলিখা আলোচনী “ধৰিত্ৰী" উন্মোচন কৰা হয় ৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৱেশ ঠাকুৰীয়াৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “ধৰিত্ৰী" উন্মোচন কৰে কালদি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা চিন্তাশীল লেখক নগেন দাসে ৷
পুথিভঁৰাল আৰু হাতেলিখা আলোচনী উন্মোচনীৰ লগত সংগতি ৰাখি দমদমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেণ চন্দ্ৰ হালৈৰ সভাপতিত্বত অনুষ্ঠিত হয় উন্মোচনী সভা ৷ সভাত পুথিভঁৰাল উন্মোচক পৰীক্ষিত বৈশ্যই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ জ্ঞান বিকাশত পুথিভঁৰালৰ ভূমিকা আৰু গুৰুত্ব সম্পৰ্কত সাৱলীল বক্তব্য দাঙি ধৰি পুথিভঁৰালটোত মজুত ৰখা কিতাপবোৰে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান লাভত সহায়ক হ'ব বুলি মন্তব্য কৰে ৷
হাতেলিখা আলোচনী “ধৰিত্ৰী" উন্মোচক নগেন দাসে সাম্প্ৰতিক সময়ত বিদ্যালয়ত হাতেলিখা আলোচনী অত্যন্ত প্ৰয়োজনীয় বুলি কৈ বিদ্যালয় কৰ্তৃপক্ষক ভূয়সী প্ৰশংসা কৰে ৷ সভাত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিকে ধৰি বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷
Also Read: এছিয়ান গেমছ : প্ৰথম মেচতে পৰাস্ত অসম সন্তান শিৱ থাপা