মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাছনিভুক্তৰ সৈতে বাৰ্তালাপ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

'নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়’- জয়ন্ত মল্লবৰুৱা

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাছনিভুক্তৰ সৈতে বাৰ্তালাপ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাছনিভুক্তৰ সৈতে বাৰ্তালাপ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

ডিজিটেল সংবাদ নলবাৰীঃ ''নতুন প্ৰজন্মৰ মাজত আজি হতাশৰ পৰিৱৰ্তে আশাৰ ৰেঙনিয়ে দেখা দিছে। এটা ডাঙৰ পৰিৱেশ আজি আমাৰ চৰকাৰখনে সৃষ্টি কৰিলে। আজি নতুন প্ৰজন্মৰ মনত এটা বিশ্বাস আহিছে যে মেধাৰ বলত চাকৰি লাভ কৰাটো সম্ভৱ, পঢ়ি-শুনি চাকৰি লাভ কৰাটো সম্ভৱ। চাকৰিৰ বাবে এতিয়া কাকো ভৰসা কৰিব নালাগে।''

এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি নলবাৰী জিলা পুথিভঁৰালত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাছনিভুক্ত ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

আঁচনিত বাছনিভুক্ত লোকসকলক উদ্দেশ্যি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ৰাইজৰ ওচৰলৈ গৈছিল, তেতিয়া তেওঁ চৰকাৰ গঠন কৰিব পাৰিলে ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি আৰু ২ লাখ যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নিকা-স্বচ্চ আৰু এক সুন্দৰ ব্যৱস্থাৰ যোগেদি প্ৰায় ডেৰ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিলে।

তেওঁ কয় যে লক্ষাধিক যুৱক-যুৱতীক যি চাকৰি প্ৰদান কৰা হ’ল, তাত কোনেও আঙুলি টোৱাই ক’ব পৰা নাই ক’ৰবাত দুৰ্নীতি হৈছে, ক’ৰবাত কেচ হৈছে, কোনোবাই অভিযোগ কৰিছে, তেনেকুৱা এটাও অভিযোগ উত্থাপন হোৱা নাই। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমত কেনেদৰে ইমান নিকা-স্বচ্চ নিযুক্তি হ’ব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ ল’বৰ বাবে বিষয়াসকল অসমলৈ আহিছে।

আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলো যে আজি নতুন প্ৰজন্মৰ মাজত হতাশৰ পৰিৱৰ্তে আশাৰ ৰেঙনিয়ে দেখা দিছে। এটা ডাঙৰ পৰিৱেশ আজি আমাৰ চৰকাৰখনে সৃষ্টি কৰিলে। আজি নতুন প্ৰজন্মৰ মনত এটা বিশ্বাস আহিছে যে মেধাৰ বলত চাকৰি লাভ কৰাটো সম্ভৱ, পঢ়ি-শুনি চাকৰি লাভ কৰাটো সম্ভৱ।

চাকৰিৰ বাবে এতিয়া কাকো ভৰসা কৰিব নালাগে। আজি গাঁৱত নিজৰ ওপৰত ভৰসা কৰি ল’ৰা-ছোৱালীয়ে শৰীৰ চৰ্চা কৰিছে, দৌৰিছে, অনুশীলন কৰিছে, পঢ়া-শুনা কৰিছে যাতে পুলিচৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে। মন্ত্ৰীগৰাকীয়ে অলপতে হৈ যোৱা অসম নিযুক্তি পৰীক্ষাৰ কথা উল্লেখ কৰি কয় যে একেলগে ১৩ৰ পৰা ১৭ লাখ মানুহে পৰীক্ষা দিয়া এনে ব্যৱস্থাত ক’তো অকণো বেমেজালি নোহোৱাকৈ আজি আমি নিযুক্তি পৰীক্ষাত অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছো।আজি মানুহৰ মাজত সেই ধৰণৰ বিশ্বাস জন্মিছে।

তেওঁ লগতে কয় যে এনেধৰণৰ সৰ্ববৃহৎ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যাওঁতে ইণ্টাৰনেট বন্ধ কৰা বা কেতবোৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লগা হোৱাটো অতি স্বাভাৱিক। এনেধৰণৰ পৰীক্ষা পতাটো সহজ কথা নহয়, চৰকাৰখনে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

তেওঁ আৰু কয় যে নিয়ম ভাঙি চাকৰি দিয়াটো সহজ, কিন্তু স্বচ্চ-নিকা পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰভিত্তিত চাকৰি দিয়াটো সহজ নহয়। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি এই ব্যৱস্থা যে বহু প্ৰত্যাহ্বানমূলক সেই কথাও প্ৰকাশ কৰে। আনহাতে, ২৬’ৰ নিৰ্বাচনৰ পূৰ্বে অতি কমেও ডেৰ লাখ যুৱক-যুৱতীক সম্পূৰ্ণ মেধাৰভিত্তিত চাকৰি দিয়া হ’ব বুলি তেওঁ কয়।

অসমত বহু নিবনুৱা আছে আৰু সকলোকে চৰকাৰে চাকৰি দিব নোৱাৰে বা চাকৰি দিয়াটো সম্ভৱ নহয়। অৱশ্যে বাকী ৰাজ্যৰ তুলনাত চৰকাৰী চাকৰি লাভ কৰা লোকৰ সংখ্যাত অসমত আটাইতকৈ বেছি বুলি ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লগতে নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপন দিয়াৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়তে এটা পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনাৰ অংশ আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম।

চৰকাৰী চাকৰিৰ ওপৰত ভৰসা নকৰি নতুন প্ৰজন্মক আত্মসংস্থাপনৰ বাট দেখুৱাই দিয়াটোৱে এই আঁচনিৰ মূল উদ্দেশ্য। ভাষণত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ বিষয়ে বিতং ব্যাখ্যা দাঙি ধৰাৰ লগতে এই আঁচনিত বাছনিভুক্ত লোকসকলৰ কৰণীয় কি হ’ব বা তেওঁলোকে কেনেদৰে কাম কৰিলে সফল হ’ব পাৰিব সেই বিষয়ে কেতবোৰ গঠনমূলক পৰামৰ্শও দাঙি ধৰে।

Also Read: ধলাই সমষ্টিত কংগ্ৰেছৰ ৩ পৰ্যবেক্ষক নিযুক্তি...

জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান