নলবাৰীত অনুষ্ঠিত হয় "বৰো ধান চপোৱা উৎসৱ"...

শুকুৰবাৰে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এপাৰ্ট (APART) আঁচনিৰ অধীনত "বৰো ধান চপোৱা উৎসৱ"

author-image
Asomiya Pratidin
New Update
নলবাৰীত অনুষ্ঠিত হয় "বৰো ধান চপোৱা উৎসৱ"...

ডিজিটেল সংবাদ, নলবাৰীঃ শুকুৰবাৰে নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এপাৰ্ট (APART) আঁচনিৰ অধীনত আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধানত দিঘেলী কৃষি চক্ৰৰ অন্তৰ্গত চেংনৈ কৃষক উৎপাদক গোষ্ঠীৰ পথাৰত "বৰো ধান চপোৱা উৎসৱ" অনুষ্ঠিত কৰা হয়। জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধিয়ে শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি আধুনিক কৃষি পদ্ধতি, খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ, কৃষকৰ খৰচ কম আয় বৃদ্ধি, আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগ কৰে।

অনুষ্ঠানত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি যেনে পি এম কিষাণ, পি এম কে এচ ৱাই, প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আদি আঁচনিৰ বিষয়ে উপস্থিত কৃষক ৰাইজক বিতং ভাবে অৱগত কৰে। উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধাসমূহ লাভ কৰিব সেই বিষয়েও অৱগত কৰা হয়। অনুষ্ঠানত আন্তঃ ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ বীজ পৰামৰ্শদাতা ড° নিৰাজ ত্যাগীয়ে উন্নত জাতৰ বীজৰ বিষয়ে আৰু ব্যৱহাৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষকৰ সৈতে মত বিনিময় কৰে।

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কনিষ্ঠ গৱেষক অম্লান দ্বীপ শইকীয়াই কৃষিযন্ত্ৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষিযন্ত্ৰসমূহ পৰিচয় কৰাই দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি চেংনৈ কৃষক উৎপাদক গোষ্ঠীৰ পথাৰত বৰো ধানৰ খেতি আধুনিক কৃষিযন্ত্ৰ কম্বাইন হাৰভেষ্টাৰৰ (Combine Harvester) সহায়ত চপোৱাৰ লগতে কৃষক ৰাইজৰ মাজত কৃষিযন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয়।

অনুষ্ঠাটোৰ আঁত ধৰি শলাগৰ শৰাই আগবঢ়ায় জিলা কৃষি বিপনন সমন্বয়ক সত্যেন তালুকদাৰে। অনুষ্ঠানত দি পি দি (আত্মা) ড° জয়া গগৈ সমাজ কৰ্মী মহেন্দ্ৰ হালৈ, ৫নং গাঁও পঞ্চায়ৰ সভাপতি অঞ্জন তালুকদাৰ, আৰ টি (এপাৰ্ট ) আতিকুৰ ৰহমানৰ লগতে এপাৰ্ট, আত্মা, বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল আৰু চেংনৈ এফ পি চি' ৰ বিষয়ববীয়াসকল তথা শতাধিক কৃষক উপস্থিত থাকে।

Also Read: জলপ্ৰলয়ত স্থবিৰ তীৰ্থযাত্ৰীৰ খোজ...

GOVT OF ASSAM