বাঁহজানীত যাত্ৰা নাট্যদল 'নটৰাজ এমেচাৰ গ্ৰুপ'ৰ শুভ মহুৰত

বাঁহজানীত যাত্ৰা নাট্যদল 'নটৰাজ এমেচাৰ গ্ৰুপ'ৰ শুভ মহুৰত

author-image
Asomiya Pratidin
New Update
বাঁহজানীত যাত্ৰা নাট্যদল 'নটৰাজ এমেচাৰ গ্ৰুপ'ৰ শুভ মহুৰত

ডিজিটেল সংবাদ, বাঁহজানীঃ নলবাৰী জিলাৰ বাঁহজানীৰ বুদ্ৰুকুছিৰ উদীয়মান নাট্যকাৰ,অভিনেতা অনুপম শৰ্মাৰ প্ৰযোজনাত সুদীৰ্ঘ ১৪বছৰ পূৰ্বে আত্মপ্ৰকাশ হোৱা অসমৰ জনপ্ৰিয় যাত্ৰা নাট্যদল " নটৰাজ এমেচাৰ গ্ৰুপ"ৰ ২০২৪-২৫ নাট্য বৰ্ষৰ দেওবাৰে আনুষ্ঠানিকভাৱে শুভ মহুৰত কৰা হয়। অঞ্চলটোৰ বুদ্ৰুকুছিত স্থাপন কৰা "নটৰাজ এমেচাৰ গ্ৰুপ"ৰ আখৰা গৃহৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা নলবাৰী নৱদ্বীপ হস্পিতালৰ অধ্যক্ষ গণেশ তামুলীয়ে।

আখৰা গৃহটো মুকলি কৰি তেওঁ কয় যে যাত্ৰা দলেই হওঁক বা ভ্ৰাম্যমান থিয়েটাৰে হওঁক ইয়াৰ নাট্যশালা জাতীয় কৃষ্টিৰ ধাৰক আৰু বাহক।এই নাট্য মঞ্চতেই সকলো কলা মিলিত হৈছে। নৃত্য-গীত, অভিনয়, চিত্ৰ, সাহিত্য, ইতিহাস এই সকলোবোৰেই বিকাশ হয় এই নাট্যমঞ্চৰ যোগেদি। নাটকৰ জড়িয়তে জাতিৰ কলা-কৃষ্টি, সভ্যতা, সংস্কৃতি, ঐতিহ্যৰ সন্ধান পোৱা যায়।

নটৰাজ এমেচাৰ যাত্ৰা দলৰ পৃষ্ঠপোষক ডঃ হেমেন কুমাৰ শৰ্মাৰ সঞ্চালনাত আৰু যাত্ৰা দলটোৰ প্ৰযোজক অনুপম শৰ্মাই আঁত ধৰা শুভ মহুৰত অনুষ্ঠানটোত ইতিহাস থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক ডঃ মহানন্দ কুমাৰ, অসম চলচিত্ৰ উন্নয়ন নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, নাট্যকাৰ-সমাজ সেৱক ভৰত পাঠক, প্ৰৱীন নাট্যশিল্পী পৱিন শৰ্মা, সমাজ সেৱক নৰেন শৰ্মাকে ধৰি কেবাগৰাকী লোক উপস্থিত থাকি ভাষন প্ৰদান কৰে।

নটৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট নাট্যশিল্পী পবিন্দ্ৰ নাথ শৰ্মা, সাংবাদিক ক্ৰমে কামিনী কান্ত মিশ্ৰ, তপন মজুমদাৰ আৰু কৰেন কলিতাই। উল্লেখ্য যে যাত্ৰা দলটোৱে এই বছৰ মঞ্চস্থ কৰিব লগা নাটক তিনিখন ক্ৰমে নাট্যকাৰ অনুপম শৰ্মা ৰচিত "চিনাকীজন অচিনাকীমন", "বাসৱ নন্দা" আৰু নাট্যকাৰ ভৰত পাঠক ৰচিত "ৰিক্ত হৃদয়ৰ তৃষ্ণা"ৰ পাণ্ডুলিপী উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় কুৰি গৰাকী বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক যাত্ৰা দলটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Also Read: নিসংগতাক উপভোগ কৰিবলৈ শিকো আহক...

nalbari