ভ্ৰাম্যমাণৰ কেইবাটাও শিতানত বঁটা প্ৰদানেৰে নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি

নলবাৰী ৰাস হ'ব ভ্ৰাম্যমাণৰ মহাৰণ আৰু ৰাষ্ট্ৰীয় পৰ্যটকৰ আকৰ্ষণ। ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ বিশাল প্ৰস্তুতি...
ভ্ৰাম্যমাণৰ কেইবাটাও শিতানত বঁটা প্ৰদানেৰে নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ আৰু আকৰ্ষণৰ বাবে এইবেলি নলবাৰী ৰাস মহোৎসৱত সমাহাৰ ঘটিব ভিন্ন সংস্কৃতিৰ প্ৰৱাহমান ধাৰা। সমান্তৰালকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইবাটাও শ্ৰেষ্ঠ শিতানত নগদ ধন সহিতে সন্মানজনক বঁটা প্ৰদান কৰা হ'ব এই মহোৎসৱত। এই ঘোষণা অসমৰ পৰ্যটন মন্ত্ৰী তথা নলবাৰী ৰাস মহোৎসৱৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ ।

উল্লেখযোগ্য যে- দেওবাৰৰ নিশা নলবাৰী ৰাস মহোৎসৱৰ পৰিচালনা সমিতিৰ সভাত লোৱা সিদ্ধান্ত অনুসৰি প্ৰায় ১৫-১৮ টা ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে যোগাযোগ হৈছে আৰু ইয়াত নাট প্ৰদৰ্শন কৰা প্ৰতিটো দলকে পৰ্যটন বিভাগৰ দ্বাৰা ২ লাখকৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে যোৱা বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিতানত ৪টা বঁটা প্ৰদান কৰা হৈছিল যদিও এইবেলি বিভিন্ন শিতান যেনে- শ্ৰেষ্ঠ দল, শ্ৰেষ্ঠ নাটক , শ্ৰেষ্ঠ পাণ্ডুলিপি, শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, শৃংখলাবদ্ধ দল আদিত বঁটা প্ৰদান কৰা হ'ব।

ইয়াৰ যোগাযোগ, নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ ৰাস মহোৎসৱৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰীক দায়িত্ব দিয়া হৈছে। ইপিনে মুখ্য সহযোগীৰ দ্বায়িত্বত আছে বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা আৰু প্ৰযোজকৰ দ্বায়িত্বত আছে সন্থাৰ কাৰ্যকৰী সভাপতি বংকিম ৰায় মেধি। উল্লেখ্য যে- ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰীহৰিমন্দিৰত ১৯৩৩ চনৰ পৰা নিৰবিচ্ছিন ভাবে উদযাপন কৰি অহা ৰাস মহোৎসৱে এইবাৰ ৯০ সংখ্যক বৰ্ষ হিচাপে অহা ২৬ নৱেম্বৰৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে বিশাল আয়োজন কৰিছে।

ইতিমধ্যে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সভাপতি, মদন মালাকৰ কাৰ্যকৰী সভাপতি, মনোজ কুমাৰ চৌধুৰীক সাধাৰণ সম্পাদকৰ দায়িত্বত ২৮ খন উপ-সমিতি গঠন কৰি এখন বিশাল সমিতি গঠন কৰা হৈছে। দেওবাৰৰ সন্ধিয়া হৰিমন্দিৰ প্ৰাঙ্গণত উপ সভাপতি বানেশ্বৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা পৰ্যালোচনা সভাখন সঞ্চালনা কৰে সভাপতি জয়ন্ত মল্ল বৰুৱাই। হৰিমন্দিৰৰ আজীৱন সভ্য, সচেতন ৰাইজ আৰু বিভিন্ন উপ-সমিতিৰ সভাপতি, সম্পাদক, সদস্যসকল উপস্থিত থকা সভাখনত ৭০/৮০ টা ষ্টলৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মহাপ্ৰয়াণলৈ ক্ৰম অনুসৰি মৃন্ময় মূৰ্তি স্থাপন, সম্পূৰ্ণ প্লাষ্টিক মুক্ত ৰাস মহোৎসৱত নলবাৰী জিলাত উৎপাদন কৰা বিভিন্ন সামগ্ৰীৰ "নলবেৰীয়া হাট"ত উপলদ্ধ হ'ব।

আনহাতে দিহানাম-নাগাৰা নামৰ প্ৰতিযোগিতা, পুতলা নাচ, গ্ৰন্থমেলা, উপহাৰ কুপন, স্মৃতি গ্ৰন্থ, চাৰ্কাছ, বাণিজ্য মেলা, ভাৰত মাতা পূজন ইত্যাদিৰে নলবাৰী ৰাসৰ বিশাল আয়োজন চলা বুলি তথ্য আৰু প্ৰচাৰ বিভাগৰ হৈ সভাপতি বীৰেন কলিতা তথা সম্পাদকদ্বয় ব্ৰজেন তালুকদাৰ আৰু সুনীল কুমাৰ দাসে জানিবলৈ দিছে। ৰাসৰ পৰ্যালোচনা সভাত উপদেষ্টা নগেন ডেকা, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, সহ সম্পাদক পংকজ বৰ্মন, হৰেন হালৈ, মোহন হালৈ, নলিনী শীল আদি উপস্থিত থাকে।

ভ্ৰাম্যমাণৰ কেইবাটাও শিতানত বঁটা প্ৰদানেৰে নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতি
টেঙাখাটত তীব্ৰ প্ৰতিবাদঃ ৪ ঘণ্টা ধৰি চকলি পথাৰ অইল খাদ বন্ধ কৰিলে স্থানীয়ই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in