দৌলাশালত ড° বীৰেন্দ্ৰনাথ দত্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান : কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা

দৌলাশালত ড° বীৰেন্দ্ৰনাথ দত্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান : কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা
Published on
Updated on

ডিজিটেল সংবাদ,দৌলাশাল : নলবাৰী জিলাৰ দৌলাশালত দেওবাৰে ৰাজ্যখনৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে সদ্য প্ৰয়াত লোককলাৰ সাধক, শিক্ষাবিদ, সাহিত্যিক ড° বীৰেন্দ্ৰনাথ দত্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ।

বীৰেন্দ্ৰনাথ দত্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ নাথে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ৷

সভাত বিশিষ্ট সাহিত্যিক,প্ৰজ্ঞা আৰু সাধনাৰে জিলিকি উঠা সাংস্কৃতিক জগতৰ ভোটাতৰা ড° বীৰেন্দ্ৰনাথ দত্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । গোষ্ঠীটোৰ সহকাৰী সম্পাদক জয়ন্ত ডেকাই আঁত ধৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট লেখক জিয়াউৰ ৰহমান আৰু গোষ্ঠীটোৰ উপদেষ্টা ভৱেন কুমাৰ কলিতাই ৷

অনুষ্ঠানটোত ছাহজাহান আলী,খঞ্জনজ্যোতি পাঠক,ধৰণী নাথ,পংকজ বৰ্মন, জেহেৰুল ইছলামকে আদি কৰি কুৰি গৰাকী সদস্যই ড° বীৰেন্দ্ৰনাথ দত্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰয়াত দত্তৰ পূণ্যাত্মাৰ সদগতি কামনাৰে সভাত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ।

সভাপতি লীলাধৰ পাঠকে নিজৰ ভাষণত ৫০টা বছৰে সুৰ আৰু সংগীতৰ সুগন্ধি বিলাই পৃথিৱী এৰি যোৱা লোক-সংস্কৃতিৰ সাধক, শিক্ষাবিদ ড° বীৰেন্দ্ৰনাথ দত্তদেৱে সাহিত্য -সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি তেখেতে অসমীয়া সংগীত জগতক নতুনত্বৰে সমৃদ্ধ কৰিছিল বুলি কয় ।

ভাষণ প্ৰসংগত সভাপতি গৰাকীয়ে কয় - সংস্কৃতিৰ গৱেষক দত্ত ছাৰ ৰবীন্দ্ৰ সঙ্গীত আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দ্বাৰাও প্ৰভাৱিত আছিল । তেখতৰ গীতবোৰৰ নিৰপেক্ষ আৰু প্ৰণালীবদ্ধ অধ্যয়ন অতি প্ৰয়োজন ।

উল্লেখ্য যে বিৰিণা গোষ্ঠী, অসমৰ নৱেম্বৰ মাহৰ সাহিত্য আলাপ 'বিৰিণা বৈভৱ' আৰু বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ সভা অহা ১৮ নৱেম্বৰত নলবাৰীৰ শংকৰদেৱ একাডেমীত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে গোষ্ঠীটোৰ সভাপতিয়ে । এই অনুষ্ঠানতে প্ৰতিবছৰে প্ৰদান কৰি অহা ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি ৰাজ্যখনৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হ'ব বুলি আজি ঘোষণা কৰা হয়।

দৌলাশালত ড° বীৰেন্দ্ৰনাথ দত্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান : কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা
বঢ়মপুৰত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in