টিহুত স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতাৰে ৰাইজৰ দলৰ সমদল

টিহুত স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতাৰে ৰাইজৰ দলৰ সমদল
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰী : অসমৰ বিভিন্ন প্ৰান্তত বিদ্যুৎ বিভাগে গ্ৰাহকক নতুনকৈ যোগান ধৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে। ২৫ ছেপ্টেম্বৰত দলটোৰ নেতা, সদস্য আৰু সমৰ্থকসকলে স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতাৰে টিহু হাটখলাৰপৰা টিহুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল উলিয়ায়।

সমদলটোৱে বিভিন্ন ধ্বনিৰে আকাশ-বতাহ মুখৰ কৰাৰ লগতে নগৰত সমৱেত লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। পাছত দলটোৱে টিহু চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰত স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা বন্ধ কৰা, স্মাৰ্ট মিটাৰৰ জৰিয়তে ইতিমধ্যে যিসকল গ্ৰাহকৰপৰা অত্যধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হৈছে সেই মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা, অত্যধিক বিদ্যুৎ মাচুল অহা স্মাৰ্ট মিটাৰ বন্ধ কৰা, স্মাৰ্ট মিটাৰ আঁতৰাই পূৰ্বৰ মিটাৰ স্থাপন কৰা, বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি মৰ্মে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা, এসপ্তাহৰ ভিতৰত এই দাবী কাৰ্যকৰী কৰা আদি দাবী উত্থাপন কৰে ।

আজিৰ এই কাৰ্যসূচীত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’দি শইকীয়া, দলটোৰ মুখপাত্ৰ সোণেশ্বৰ পাটোৱাৰী, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ৰমনী ডেকা, টিহু আঞ্চলিক সমিতিৰ উপদেষ্টা গৌৰী বৰুৱা প্ৰমুখ্যে দলটোৰ ভালেকেইগৰাকী নেতা আৰু কৰ্মীয়ে ভাগ লয়।

টিহুত স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতাৰে ৰাইজৰ দলৰ সমদল
কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ফাৰ্মাচী দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in