ডিজিটেল সংবাদ,দৌলাশাল : 'ড৹ দিলীপ কুমাৰ দত্ত আচলতে এজন প্ৰকৃত আৰু নিভাঁজ অসমীয়া । বিদেশৰ মাটিত থাকিও যিজন ব্যক্তি অসমীয়া ভাষা- সাহিত্য, সংস্কৃতি চৰ্চা কৰাৰ কাৰণে সদা সৰ্বদা জাগ্ৰত হৈ থাকে,তেনেকুৱা ব্যক্তি এজনৰ বিৰিণা গোষ্ঠী-অসমে আজি সোঁৱৰণী সভা পাতিলে এয়া সঁচাকৈয়ে প্ৰশংসনীয় ৷' এই মন্তব্য বৰক্ষেত্ৰীৰ বিশিষ্ট প্ৰগতিবাদী লেখক পৰীক্ষিত বৈশ্যৰ ।
অসমৰ অন্যতম এটি সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ ছেপ্টেম্বৰ মাহৰ সাহিত্য আলাপ "বিৰিণা বৈভৱ" আৰু বিশিষ্ট গণিতজ্ঞ- সাহিত্যিক ড৹ দিলীপ কুমাৰ দত্তৰ স্মৃতিচাৰণ সভাতখন অনুষ্ঠিত কৰা হয়। ড০ দিলীপ কুমাৰ দত্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই ।
বৈশ্যই পুনৰ কয়- 'ড৹ দিলীপ কুমাৰ দত্তৰ ভাষাৰ প্ৰতি যিটো প্ৰেম বা অসমৰ প্ৰতি থকা যিটো প্ৰেম এই প্ৰেমৰ বাবে চিৰদিন- চিৰযুগ অমৰ হৈ থাকিব ড৹ দিলীপ কুমাৰ দত্ত । তেখেতৰ যি পাণ্ডিত্য,তেখেতৰ যি অধ্যাপনা বা গণিতশাস্ত্ৰৰ বিষয়ে থকা তেখেতৰ যি বুৎপত্তি,তেওঁৰ ক্ৰীড়াৰ প্ৰতি থকা প্ৰেম; এইবিলাকৰ প্ৰতিটোৰ মাজত তেওঁ জীয়াই থাকিবই, কিন্তু মোৰ দৃষ্টিৰে তেওঁৰ শিপাৰ প্ৰতি থকা যিটো তান, এই শিপাৰ প্ৰতি থকা তানৰ বাবেই আজি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতৰ সোঁৱৰণী সভা পাতিছে ।'
ড৹ দিলীপ কুমাৰ দত্তৰ জীৱন-দৰ্শন সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়াই বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই পুনৰ কয়-'গৱেষণামূলক গ্ৰন্থ লিখা মানুহ হ'ব লাগিব উদাৰ দৃষ্টিভংগীৰ । কাৰণ আনক প্ৰতিষ্ঠা কৰাব লাগিব । গল্প এটা লিখি নিজেই প্ৰতিষ্ঠিত হ'ব পাৰি, উপন্যাস এখন লিখি নিজে বঁটা পাব পাৰি; কিন্তু কিবা এটা বস্তু গৱেষণা কৰি মূল্যাংকন কৰি কিন্তু আনক প্ৰতিষ্ঠা কৰা হয় । মোৰ দৃষ্টিত যিয়ে গৱেষণামূলক গ্ৰন্থ লিখে তেওঁলোক গল্পকাৰ বা ঔপন্যাসিকতকৈ বেছি উদাৰ । তেনেকুৱা প্ৰকৃতিৰ লোক আছিল ড৹ দিলীপ কুমাৰ দত্ত ।'
উল্লেখ্য যে, নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ কাৰ্যালযৰ চৌহদত মঙ্গলবাৰে সন্ধিয়া ড৹ দিলীপ কুমাৰ দত্তৰ স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰা হয়। লগতে বিৰিণা গোষ্ঠী-অসমৰ সাহিত্য আলাপ অনুষ্ঠানতো সাহিত্যিক দত্তৰ মৃত্যু দিৱস উপলক্ষ্যে তেওঁঁৰ স্মৃতিচাৰণ কৰা হয়।
বিৰিণা গোষ্ঠী-অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰা হয়। ড৹ দিলীপ কুমাৰ দত্তৰ স্মৃতিচাৰণ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ।
অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰে বিশিষ্ট সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক জগদাচৰণ তালুকদাৰে । ড৹ দিলীপ কুমাৰ দত্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট প্ৰগতিবাদী লেখক পৰীক্ষিত বৈশ্যই ।
সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিমিটেডৰ পৰিচালনা সমিতিৰ সভাপতি কামেজ আলীয়ে । গোষ্ঠীটোৰ উপ সভাপতি তথা বিশিষ্ট কবি জিয়াউৰ ৰহমানে ড৹ দিলীপ কুমাৰ দত্তৰ স্মৃতিচাৰণ কৰাৰ লগতে তেওঁৰ জীৱন-দৰ্শন সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়ায় ।
বিৰিণা গোষ্ঠী-অসমৰ উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা কবি চামচুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত শিক্ষক ভূৱনেশ্বৰ নাথ,বিশিষ্ট সমাজসেৱক গোলক নাথ, ৰামপুৰ বজাৰ কমিটিৰ সম্পাদক আনোৱাৰ হুছেইন, অৱসৰী অধ্যক্ষ ৰত্নেশ্বৰ নাথ, কবি নৱ কুমাৰ বৰ্মন, সুৰজিৎ পাঠক, চানবৰ আলী, মকিবুল হক, আনোৱাৰ হুছেইন, জয়ন্ত ডেকাকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে কথা-কবিতা-গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে ।
অনুষ্ঠানটোত এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে ড৹ দিলীপ কুমাৰ দত্তৰ আত্মাৰ সদগতি কামনা কৰা হয় । সভাপতিৰ মন্তব্যত লীলাধৰ পাঠকে কয় যে 'কম্পিউটাৰত লিখা প্ৰথমখন অসমীয়া গ্ৰন্থৰ স্ৰষ্টা ড° দিলীপ কুমাৰ দত্ত আচলতে অসমীয়াতকৈও বেছি অসমীয়া।'
ড° দিলীপ কুমাৰ দত্তই বিদেশত থাকিও অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সাধনা কৰি স্বমহিমাৰে নিজক মহিমাণ্ডিত কৰাৰ লগতে অসমীয়া জাতিক গৌৰৱান্বিত কৰিছে । পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সম্পাদক ছহিদ আলী,বিৰিণা গোষ্ঠীৰ সদস্য জেহেৰুল ইছলাম,ৰামপাল,ইফতিয়াৰ জাহান,চেলিম মালিক,চাহনুৰ আলী,দেৱজিৎ নাথ,ধৰণী নাথকে ধৰি দুকুৰি সদস্য উপস্থিত থাকি ড° দিলীপ কুমাৰ দত্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোৰ আহ্বায়ক কল্প তালুকদাৰে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।
Also Read: বৰক্ষেত্ৰীৰ দমদমা মধ্য ইংৰাজী বিদ্যালয়ত পুথিভঁৰাল মুকলি