লোকসংস্কৃতিৰ বিশিষ্ট সাধক যতীন কলিতাক স্মৰণ...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিশেষ সভা সম্পন্ন
লোকসংস্কৃতিৰ বিশিষ্ট সাধক যতীন কলিতাক স্মৰণ...
লোকসংস্কৃতিৰ বিশিষ্ট সাধক যতীন কলিতাক স্মৰণ...
Published on
Updated on

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৬ আগষ্টত লোকসংস্কৃতিৰ বিশিষ্ট সাধক, শিক্ষক যতীন কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন আৰু স্মৰণ সভা এখন সম্পন্ন হয়। নলবাৰী সত্ৰত আয়োজিত এই অনুষ্ঠানৰ আদিতে লোকসংস্কৃতিৰ সাধক যতীন কলিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী মুকলি কৰে শিল্পীগৰাকীৰ পত্নী স্বপ্না কলিতাই।

স্মৃতি তৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ অতুল চন্দ্ৰ শৰ্মা আৰু সহকাৰী সম্পাদক নৰেশ্বৰ কলিতাই। সাহিত্য সভাৰ উপ-সভাপতি লক্ষী পাটোৱাৰীয়ে মাল্যাৰ্পণ কৰে। ইয়াৰ পাচতে নলবাৰী জিলা সাহিত্য সভাৰ শিল্পীবৃন্দই পৰিৱেশন কৰা সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে আৰম্ভ হয় গ্ৰন্থ উন্মোচন আৰু স্মৰণ সভা।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাখনত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড০ লীনা ডেকাই।

সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাই। শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই যতীন কলিতাৰ সোঁৱৰণত তেওঁৰ গুণগ্ৰাহীসকলৰ লেখাৰে যুগুতোৱা ‘স্মৃতিৰ সুৰভি’ নামৰ গ্ৰন্থ এখন উন্মোচন কৰে। মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলে বৃন্দগীতেৰে অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।

লোকসংস্কৃতিৰ বিশিষ্ট সাধক যতীন কলিতাক স্মৰণ...
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ কাৰ্যালয় উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in