নলবাৰীৰ গামাৰিমুৰীত দুৰ্ঘটনাত প্ৰাণ গ'ল ১৯ বছৰীয়া ধীৰাজৰঃ শোকাকুল পৰিৱেশ...

নলবাৰীৰ গামাৰিমুৰীত দুৰ্ঘটনাত প্ৰাণ গ'ল ১৯ বছৰীয়া ধীৰাজৰঃ শোকাকুল পৰিৱেশ...
নলবাৰীৰ গামাৰিমুৰীত দুৰ্ঘটনাত প্ৰাণ গ'ল ১৯ বছৰীয়া ধীৰাজৰঃ শোকাকুল পৰিৱেশ...
Published on
Updated on

ডিজিটেল সংবাদ টিহুঃ মঙ্গলবাৰে নিশা এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লোৱা কুলবিলৰ ধীৰাজ তালুকদাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত স্বগৃহলৈ অনাৰ পাছত এক শোকাকুল পৰিবেশে বিৰাজ কৰে। পশ্চিম নলবাৰীৰ গামাৰিমুৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লৈছিল মাত্ৰ ১৯ বছৰীয়া যুৱকজনে।

ইয়াৰ পাছতেই বৃহত্তৰ অঞ্চলটোত শোকৰ পৰিৱেশে বিৰাজ কৰিছিল। বুধবাৰে বিয়লি ধীৰাজ তালুকদাৰৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে লোকেলোকাৰণ্য হৈ পৰে তেওঁৰ বাসগৃহ। কান্দোনত ভাঙি পৰে পৰিয়ালটোৰ সদস্যৰ লগতে গাওঁবাসী।

উল্লেখ্য যে, পশ্চিম নলবাৰীৰ বেলশৰ থানাৰ অন্তৰ্গত গামাৰিমূৰীত চামতা-কৈঠালকুছি পথৰ ওপৰত মঙ্গলবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ১৯ বছৰীয়া যুৱকজনৰ। সেই সময়ত কৈঠালকুছিৰ পৰা চামতা অভিমুখে এখন স্কুটিত আহি আছিল ধীৰজ আৰু তেওঁৰ এগৰাকী বন্ধু।

সন্দেহ কৰা অনুসৰি ঘন কুৱলীৰ বাবে জ্ঞানদায়িনী হাইস্কুলৰ সমীপত দুৰ্ঘটনাত পতিত হয় যুৱকদ্বয় । নিয়ন্ত্ৰণ হেৰুৱাই স্কুটিখনে পথৰ কাষৰ এজোপা গছত তীব্ৰ বেগেৰে খুন্দা মাৰে ৷

দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দুই যুৱকক ততাতৈয়াকৈ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কুলবিল গাওঁৰ ১৯ বছৰীয়া যুৱক  ধীৰাজ তালুকদাৰৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত প্ৰণব বৰ্মন নামৰ আন গৰাকী যুৱক চিকিৎসাধীন হৈ আছে ।

নিহত ধীৰাজ তালুকদাৰৰ বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত কুলবিলৰ নিজ গৃহ লৈ অনা হয় আৰু অজস্ৰ ৰাইজৰ উপস্থিতিত অন্তেষ্টিক্ৰীয়াৰ সম্পন্ন কৰা হয়  । এই ঘটনাক লৈ অঞ্চলটোত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে ।

নলবাৰীৰ গামাৰিমুৰীত দুৰ্ঘটনাত প্ৰাণ গ'ল ১৯ বছৰীয়া ধীৰাজৰঃ শোকাকুল পৰিৱেশ...
বক্সিং ৰিঙক বিদায় জনাব মেৰী কমেঃ খেলুৱৈ নহয় তেওঁৰ সন্মুখত প্ৰত্যাহ্বান বয়স...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in