জ্যেষ্ঠ অগপ নেতা খগেন্দ্ৰ নাথ মেধিক বৰক্ষেত্ৰীৰ সভাপতিৰ দায়িত্ব...

জ্যেষ্ঠ অগপ নেতা খগেন্দ্ৰ নাথ মেধিক বৰক্ষেত্ৰীৰ সভাপতিৰ দায়িত্ব...
জ্যেষ্ঠ অগপ নেতা খগেন্দ্ৰ নাথ মেধিক বৰক্ষেত্ৰীৰ সভাপতিৰ দায়িত্ব...
Published on
Updated on

ডিজিটেল সংবাদ দৌলাশালঃ একালৰ দুৰ্দান্ত জাতীয়তাবাদী নেতা, সম্প্ৰতি বৰক্ষেত্ৰীৰ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত, অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা খগেন্দ্ৰ নাথ মেধিক শেহতীয়াভাৱে অগপৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে ৷ নলবাৰী জিলাৰ মুকালমুৱা নাৰায়নপুৰ গাঁৱৰ নিৱাসী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, একালৰ সাহসী ছাত্ৰনেতা, বৰক্ষেত্ৰীৰ বৌদ্ধিক সমাজ, সাহিত্য সমাজৰ স'তে নিৰবিচ্ছিন্নভাবে জড়িত যোগৰ সাধক খগেন্দ্ৰ নাথ মেধিক অসম গণ পৰিষদ দলৰ নেতৃত্বই বৰক্ষেত্ৰী সমষ্টিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰাত বৰক্ষেত্ৰীৰ তৃণমুল কৰ্মীসকলৰ মাজত উৎসাহৰ বাতাবৰণ সৃষ্টি হৈছে ৷

কৰ্মত নিপুন, অত্যন্ত সাহসী আৰু স্পষ্টবাদী খগেন্দ্ৰ নাথ মেধি বৰক্ষেত্ৰীৰ সৰ্বস্তৰৰ এটি চিনাকী নাম ৷ খগেন্দ্ৰ নাথ মেধিক অসম গণ পৰিষদ দলৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰাত বৰক্ষেত্ৰীৰ তৃণমূল কৰ্মীসকলে স্বাভাৱিকতে উৎফুল্লিত হৈ ফুলাম গামোছা, জাপি, শৰাই, ফুলৰ টোপোলা ইত্যাদিৰে শুভেচ্ছা জ্ঞাপন কৰিছে ৷

উল্লেখযোগ্য যে এইগৰাকী প্ৰৱীণ জাতীয়তাবাদী নেতাই ১৯৭৬ চনত গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰবৰ্তী সময়ত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱক বাহিনীৰ মুখ্য আহ্বায়কৰ দায়িত্ব পালন কৰিছিল ৷ বিদেশী বহিষ্কাৰ আন্দোলনত সগৰ্বে জপিয়াই ১৯৮০ আৰু ১৯৮৩ চনত অসম আৰক্ষীৰ হাতত দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিল খগেন্দ্ৰ নাথ মেধি ৷

গুৱাহাটী আৰ্য মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা খগেন্দ্ৰ নাথ মেধিয়ে ছাত্ৰ অৱস্থাৰে পৰা যোগাসন, পাঞ্জা, বক্সিং খেলুৱৈ হিচাপে পৰিচিত হৈ আহিছে ৷ ছাত্ৰ সংগঠন এৰি জাতীয়তাবাদী চিন্তা চৰ্চাৰে ১৯৯১ চনত অসম গণ পৰিষদ দলত যোগদান কৰি বৰক্ষেত্ৰীত আঞ্চলিকতাবাদী দলটিৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে সাংগঠিক কাম কাজ কৰি আহিছে ৷

শেহতীয়াভাৱে অসম গণ পৰিষদ নলবাৰী জিলা সমিতিয়ে খগেন্দ্ৰ নাথ মেধিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ বৰক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচনী সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল জ্যেষ্ঠ অগপ নেতাজনে ৷ খগেন্দ্ৰ নাথ মেধিয়ে বিগত তিনিদহক ধৰি শিক্ষকতা বৃত্তিতো জড়িত হৈ আহিছে ৷

২০০৯ চনত খগেন্দ্ৰ নাথ মেধিয়ে মুকালমুৱাত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰি সপত্নীক বৰক্ষেত্ৰীৰ শৈক্ষিক ক্ষেত্ৰখনত ইতিবাচক সংযোজন ঘটাইছিল ৷ যোগ গুৰু হিচাপে পৰিচিত খগেন্দ্ৰ নাথ মেধিয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ সমান্তৰালভাৱে বৰক্ষেত্ৰীৰ ভিন ভিন প্ৰান্তত সময়ে সময়ে যোগ প্ৰশিক্ষণ প্ৰদান কৰিও আহিছে ৷ সমান্তৰালভাৱে বৰক্ষেত্ৰী ভূমি সুৰক্ষা সমিতিৰ সম্পাদকৰ দায়িত্ও পালন কৰা খগেন্দ্ৰ নাথ মেধিৰ নেতৃত্বত বৰক্ষেত্ৰীত অসম গণ পৰিষদ দলে নতুন গতি লাভ কৰিব বুলি সৰৱ চৰ্চা চলিছে ৷

জ্যেষ্ঠ অগপ নেতা খগেন্দ্ৰ নাথ মেধিক বৰক্ষেত্ৰীৰ সভাপতিৰ দায়িত্ব...
হাস্পতালৰ বিচনাত উন্মোচিত কিৰণ্ময়ী মহন্তৰ 'স্মৃতিৰ এষণা' শীৰ্ষক গ্ৰন্থ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in